সানেকুছিত শ্বহীদ তুলু তালুকদাৰ, দ্বীপজ্যোতি লহকৰৰ স্মৃতি দিৱসৰ লগতে সুধাকণ্ঠলৈ সশ্ৰদ্ধ স্মৰণ এ জে ওৱাই চি পিৰ

 11/05/2021 - 15:52
 
 
 
 
 
বাহাৰঘাটঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, বৰভাগ আঞ্চলিক সমিতিৰ উদ্যোগত সানেকুছি ছমাৰকুছি নিম্ন বুনিয়াদী বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠান৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি ক আৰু খ দুটা শাখাত অনুষ্ঠিত কৰে চিত্ৰাংকন প্ৰতিযোগিতা৷ দুয়ো গৰাকী শ্বহীদ আৰু সুধাকণ্ঠৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে ক্ৰমে এ জে ওৱাই চি পিৰ কেন্দ্ৰীয় উপসভাপতি বিশ্বজিত বৰুৱা, নলবাৰী জিলা সমিতিৰ সম্পাদক কৌশিক বৰ্মন আৰু সাংবাদিক নৰেন শৰ্মাই৷
 
উল্লেখযোগ্য যে বিগত ২০০৫ চনৰ পাচ নবেম্বৰত এ জে ওৱাই চি পি নলবাৰী জিলা সমিতিৰ উদ্যোগত আলফা আৰু অসম চৰকাৰৰ শান্তি আলোচনাৰ সমৰ্থনত আয়োজিত গনসমাবেশত ভাগলৈ ওভতাৰ পথত মটৰ দুৰ্ঘটনাত শ্বহীদ তুলু তালুকদাৰ আৰু দ্বীপজ্যোতি লহকৰৰ মৃত্যু হৈছিল৷ কাৰ্য্যসূচীৰ শেষত অনুষ্ঠিত স্মৃতিচাৰন ও বটা বিতৰণী সভাত সভাপতিত্ব কৰে বিশ্বজিত বৰুৱাই৷ সভাত চিত্ৰাংকন প্ৰতিযোগিতাৰ বিজয়ী সকলক বঁটা বিতৰণ কৰে৷ অনুষ্ঠানৰ আঁতধৰে এ জে ওৱাই চি পিৰ বৰভাগ আঞ্চলিক সমিতিৰ সম্পাদক ময়ুৰ ৰহমানে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।