NEET পৰীক্ষাত ৬৩০ নম্বৰ পাই সাফল্য লাভ ধুবুৰীৰ ঝগৰাৰপাৰ আম বাগান অঞ্চলৰ মেধাবী ছাত্ৰ মমিনুৰ আহমেদৰ

 11/05/2021 - 17:46
 
 
 
 
ধুবুৰীঃ সৰ্বভাৰতীয় NEET পৰীক্ষাত সাফল্য লাভ কৰিলে এইবাৰ ধুবুৰী দক্ষিণ শালমাৰাৰ কেইবাজনো মেধাবী ছাত্ৰ ছাত্ৰী। ইয়াৰে ধুবুৰীৰ ঝগৰাৰপাৰ আম বাগান অঞ্চলৰ মেধাবী ছাত্ৰ মমিনুৰ আহমেদ। অঞ্চলটোৰ বাসিন্দা ৰহিজ উদ্দিন আহমেদ আৰু মঞ্জুৰা বেগমৰ পুত্ৰ মমিনুৰে সদ্য ঘোষিত NEET পৰীক্ষাৰ ফলাফল সাফল্য লাভ কৰে। মুঠ ৭২০ নম্বৰৰ ভিতৰত মমিনুৰে লাভ কৰে ৬৩০ নম্বৰ।
 
মমিনুৰে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকতো ৮৫% নম্বৰেৰে লৈ ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল। উচ্চতৰ মাধ্যমিক উত্তীৰ্ণৰ পিছত NITJEE পৰীক্ষাত দুবাৰকৈ উত্তীৰ্ণ হৈছিল মমিনুৰ। মমিনুৰৰ আশা আছিল এজন IIT ৰ ইঞ্জিনিয়াৰ হোৱাৰ। কিন্তু পিতৃ-মাতৃৰ সপোন পূৰণ কৰিবলৈ মমিনুৰে বহিল NEET পৰীক্ষাত। পিছে ফলাফলত সাফল্যৰ পিছত মেডিকেলত নাম ভৰ্তিৰ ইচ্ছা কৰিছে মমিনুৰে।
 
 
 
 
 
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।