11/05/2021 - 18:41
in
বৰপেটাঃ সদ্যঘোষিত মেডিকেলৰ সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষা চমুকৈ NEET ত বৰপেটা জিলাৰ ভেল্লাৰ এগৰাকী শিক্ষাৰ্থীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিছে। সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষাৰ ঘোষিত ফলাফল মতে, ভেল্লা বনবৰীয়াৰ প্ৰয়াত নুৰ ইছলাম আৰু কমাৰুণ নেছাৰ পুত্ৰ কামাল হাছান ইছলামে মুঠ ৭২০ নম্বৰৰ ভিতৰত ৫৫৯ নম্বৰ লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। শিক্ষাৰ্থী গৰাকীৰ এই সাফল্যত অঞ্চলটোৰ লগতে বৃহত্তৰ ভেল্লা প্ৰেছ ক্লাৱে অভিনন্দন জনাইছে।
উল্লেখ্য যে, মাত্ৰ আঢ়ৈ বছৰ বয়সতে পিতৃহাৰা হোৱা কামাল হাছান ইছলামক মাতৃ কমাৰুণ নেতাই অতি কষ্টৰে লালন-পালন কৰি পঢ়ুৱাইছিল। সৰভোগৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ গৰাকীৰ বাসগৃহত আজি বৃহত্তৰ ভেল্লা প্ৰেছ ক্লাৱৰ এটি প্ৰতিনিধি দলৰ উপস্থিত হৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰি তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে।
দলটোৱে কামাল হাচানক নিজৰ লক্ষ্যস্থানত উপনীত হোৱাৰ কামনা কৰি দেশ আৰু জাতিৰ স্বাৰ্থত তেওঁক উৎসৰ্গিত হলেহে দেশৰ সামগ্ৰিক বিকাশ সম্ভৱ হব বুলি কয়। দলটোত থাকে বৃহত্তৰ ভেল্লা প্ৰেছ ক্লাৱৰ সভাপতি আজিজুল হক, সাধাৰণ সম্পাদক মৌচম নাজিম, সম্পাদক চাইজুৰ ৰহমানৰ লগতে আন কাৰ্যকৰ্তা। ইয়াৰ পূৰ্বে চেঙা বিধান সভা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইনেও কামাল হাচান ইছলামৰ বাসগৃহত উপস্থিত হৈ কৃতি ছাত্ৰ গৰাকীক শুভেচ্ছাৰে উৎসাহ প্ৰদান কৰে।