11/05/2021 - 19:23
in
মাজাৰগ্ৰামত জুৱাৰীৰ বিৰুদ্ধে আৰক্ষী
বদৰপুৰঃ ৰাজ্যৰ আৰক্ষী-প্ৰশাসনে দীপাৱলীৰ জুৱাখেলৰ বিৰুদ্ধে কঠোৰ হোৱাৰ পূৰ্বে ইংগিত দিয়াৰ দৰেই অভিযান চলাই ৰাজ্যৰ কেইবা ঠাইত জুৱাৰী আৰু জুৱাত ব্যৱহৃত সা-সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ বৰাকৰ কাছাৰ জিলাৰ উধাৰবন্দ আৰক্ষী থানাৰ এলেকাৰ মাজাৰগ্ৰামত আৰক্ষীয়ে জুৱাৰীৰ বিৰুদ্ধে বিশেষ অভিযান চলাই৷ লক্ষ লক্ষ টকাৰ জুৱা খেল অনুষ্ঠিত হোৱাৰ খবৰ লাভ কৰি মাজাৰগ্ৰামৰ জুৱা অনুষ্ঠিত সমগ্ৰ এলেকা ঘেৰি লৈ অভিযান চলাই উধাৰবন্দ আৰক্ষীয়ে৷ অভিযান কালত ৪৮ বছৰীয়া নন্দ চাহা নামৰ জুৱাৰীত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী৷ নন্দ চাহাৰ পৰা আৰক্ষীয়ে ১ লাখ ৫০ হাজাৰ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ জুৱাৰ বিৰুদ্ধে উধাৰবন্দ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰদীপ হালৈ, উপ-পৰিদৰ্শক অংকুশ শইকীয়াই অভিযান চলাই। আজি আবেলিৰ পৰা উধাৰবন্দৰ মাজাৰগ্ৰামত ৰমৰমীয়া জুৱা চলি আছিল৷ কিন্তু খবৰ পোৱা মাত্ৰকে উধাৰবন্দ আৰক্ষীয়ে জুৱাৰীক আটক কৰাৰ লগতে ডেৰ লাখ টকা জব্দ কৰিবলৈ সক্ষম হয়৷