11/05/2021 - 19:41
in
হোজাইঃ হোজাইত ভাৰতৰত্ন সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা দেৱৰ দশম মৃত্যুবাৰ্ষিক স্মৃতি দিৱস আযোজন কৰা হয়। হোজাই জিলা সাহিত্য সভা, জিলা শাখা সাহিত্য সভাৰ সহযোগত আৰু হোজাইৰ অংকুৰ সংঘৰ সৌজ্যনত উক্ত স্মৃতি দিৱসটিৰ আযোজন কৰা হয়। আজি পুৱা ভাগ পৰা বিভিন্ন কাৰ্য্যসূচীৰ মাজেৰে অনুষ্ঠানটি অনুষ্ঠিত কৰা হয়।
উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসমৰ স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই। লগতে উপস্থিত থাকে নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা, হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষ আৰু কণ্ঠশিল্পী কৃষ্ণ মনি নাথ। অংকুৰ সংঘৰ নৱ নিৰ্মিত প্ৰাচীন সাহিত্য সংৰক্ষণ আৰু চৰ্চা কেন্দ্ৰৰ লগতে সুধাকণ্ঠৰ সাংস্কৃতিক মঞ্চ শুভ উদ্বোধন কৰে মন্ত্ৰী কেশৱ মহন্তই।
লগতে মন্ত্ৰী গৰাকীয়ে কয় যে অহা ১৫ নবেম্বৰ তাৰিখৰ পৰা পুনৰ অসম জুৰি হ’ব মহা ভেকচিনেচন। ২২ নবেম্বৰৰ পৰা ২৯ নবেম্বৰলৈকে সম্পূৰ্ণভাৱে চৰকাৰখনৰ মন্ত্ৰীৰ পৰা জিলা পৰ্য্যায়ৰ বিষয়ালৈকে সকলোৱে ৰাইজক ভেকচিন দিয়া ক্ষেত্রত নামি পৰিব। ঘৰে ঘৰে গৈ হলেও দিয়া হ’ব ভেকচিন। কোনোবা ঠাইত ক’ভিড আক্ৰান্ত বেছি হলে কনটেইনমেন্ট জ'ন ঘোষণা কৰা হ’ব কিন্তু লকডাউন নহয়।