11/06/2021 - 14:48
in
জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ চামধৰা পানী গাঁৱত পুখুৰীত পৰি এজন যুৱকৰ মৃত্যু হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ শুকুৰবাৰে নিশা গোৰ্খাসকলৰ পবিত্ৰ উৎসৱ ভাইটিকা উপলক্ষে গাঁৱত দৈছী-ভৈলী পৰিৱেশনৰ বাৱে গাঁৱৰে একাংশ যুৱকৰ লগত ঘৰৰ পৰা ওলাই যোৱাৰ পাচতে নিৰুদ্দেশ হয় গংগাৰাম সোনাৰ (৪২) নামৰ যুৱকজন৷
আজি পুৱা গংগাৰাম সোনাৰৰ মৃতদেহ ওচৰৰে এটা পুখুৰীত ওপঙি থকা অৱস্থাত দেখি ঘৰৰ পৰিয়ালৰ মাজত হুৱা-দুৱা লাগে আৰু স্থানীয় আৰক্ষীক খবৰ দিয়ে৷ আৰক্ষীয়ে পুখুৰীৰ পৰা গংগাৰাম সোনাৰৰ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে৷ উল্লেখ্য যে আজিৰ পৰা দুবছৰৰ পূৰ্বে একেটা পুখুৰীতে গংগাৰাম সোনাৰৰ এগৰাকী কন্যাও পানীত পৰি মৃত্যু ঘটিছিল৷ পুখুৰীবোৰৰ চাৰিওকাষে অতিশীঘ্ৰে ফেনচিং তাৰ বা পকীৱালৰ ব্যৱস্থা কৰিবৰ বাবে স্থানীয় ৰাইজে দাবী জনায়।