কলগাছিয়াৰ আমগুৰিত বেঁকী নদীৰ কাষত অবৈধ বালি খননঃ কুম্ভকৰ্ণ নিদ্ৰাত বন বিভাগ আৰু জিলা প্ৰশাসন

 11/06/2021 - 15:38
 
 
 
 
 কলগাছিয়াঃ ৰাজ্যত অব্যাহত আছে অবৈধ বালি খনন কাৰ্য। কাৰ ছত্ৰছাঁয়াত বালি মাফিয়াই অবাধে চলাইছে এই লুণ্ঠন। চকুমুদা কুলিৰ ভাওত বন বিভাগ। উল্লেখযোগ্য যে কলগাছিয়া ৰাজহ চক্ৰ তথা কলগাছিয়া আৰক্ষী থানাৰ আন্তৰ্গত আমগুৰি গাঁৱৰ বেঁকী নদীৰ কাষত দিনে নিশাই চলিছে অবৈধ বালিখনন। এই খনন কাৰ্য্যই কলগাছিয়া ৰাজহ চক্ৰৰ আমগুৰি আৰু শওপুৰলৈ কঢ়িয়াই আনিছে বেঁকী নদীৰ গৰাখহনীয়াৰ তীব্ৰ ভাবুকি।
 
ৰাজ্যৰ বনমন্ত্ৰী কেশব মহন্তৰ বনবিভাগৰ বৰপেটা ৰোড সংমণ্ডল আৰু বৰপেটা জিলা প্ৰশাসনক মেনেজ কৰি কেইবাখনো ট্ৰেক্টৰ লগাই এক সপ্তাহ ধৰি এইদৰে খনন কাৰ্য্য চলাই আহিছে বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে। বাৰিষাৰ অন্ত পৰাৰ লগে লগেই এনেদৰে খনন কাৰ্য চলোৱাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে ৰাইজে। বালি মাফিয়া ক্ৰমে আনোৱাৰ, আব্দুল আজিজ আৰু হাকিম উদ্দিন অবৈধ ভাৱে খনন কাৰ্য চলাই আহিছে বুলি ৰাইজে জানিব দিয়ে। অতি শীঘ্ৰেই এই অবৈধ খনন কাৰ্য বন্ধ কৰিবলৈ প্ৰশাসনৰ হস্তক্ষেপ দাবী কৰিছে স্থানীয় ৰাইজে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।