11/07/2021 - 13:33
in
সৰুপথাৰঃ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফেশ্বন শ্ব'ত জ্বিলিকিল গোলাঘাট জিলাৰ বৰপথাৰ ১২ বছৰীয়া কিশোৰী। নগৰখনৰ সমীপৰ শিঙিমাৰীৰ মণিপুৰি বস্তিৰ বীৰ সিনহা আৰু লক্ষী দেৱীৰ ১২ বছৰীয়া জীয়াৰী ৰিমি দেৱী। কলকাতাৰ মালদাত অনুষ্ঠিত দেশৰ আগশাৰীৰ ফেশ্বন শ্ব' FSS season 8 ৰ ছিনিয়ৰ kisds শাখাত অসমক প্ৰতিনিধিত্ব কৰি বিজয়ৰ খিতাপ অৰ্জন কৰে।
মডেলিং জগতৰ কোনো ধৰণৰ সুবিধা নথকা বৰপথাৰৰ দৰে এটি সৰু অঞ্চলৰ পৰা গৈ জয়ী হোৱাত এতিয়া গৌৰৱান্বিত হৈ পৰিছে পিতৃ-মাতৃৰ লগতে গোলাঘাটবাসী। ইফালে ৰিমিক এটি বছৰৰ বাবে দেশৰ আগশাৰী পানী বিক্ৰী কৰা প্ৰতিষ্ঠান Drrop ৰ বিজ্ঞানপনৰ লগতে এটি ৩০০০০ মূল্যৰ ক্ৰাউন, ট্ৰফি ,পাঁচ হাজাৰ টকাৰ চেক, প্ৰমাণ পত্ৰ প্ৰদান কৰেl আনহাতে ৰিমিয়ে ২০১৯ বৰ্ষৰ Mr and miss Kaziranga, Mr and miss Kaliyabor (winner),glam face of northeast (winner) (2020), florid of assam 2nd runner up (2020), Mr and miss Royal international (2020) ৰ লগতে বহু খিতাপ জয়কৰিবলৈ সক্ষম হৈছে।