11/07/2021 - 14:58
in
কলগাছিয়াঃ কলগাছিয়া বজাৰত নিয়ন্ত্ৰণহীন মূল্যবৃদ্ধিয়ে মাধমাৰ সোধাইছে ৰাইজক। পাঁচলি ক্ৰয় কৰিবলৈ আহি হাহাকাৰ কৰিবলগা হৈছে ৰাইজে। উল্লেখযোগ্য যে, কলগাছিয়া বজাৰত আকাশলংঘী মূল্যবৃদ্ধিয়ে জ্বলাকলা খুৱাইছে ৰাইজক। বজাৰত পাঁচলিৰ কৃত্ৰিম নাটনি দেখুৱাই একাংশ মধ্যভোগীয়ে শাক-পাচলি মজুত কৰি চৰা দামত বিক্ৰি কৰে বজাৰত।
ইফালে আন একাংশ বেপাৰীয়ে সাৰৰ দাম বেছি হোৱাৰ বাবে পাঁচলিৰ মূল্যবৃদ্ধি হোৱাৰ অভিযোগ উত্থাপন কৰিছে। যাৰ ফলত গ্ৰাহকৰ ওচৰত অত্যাধিক হাৰত বিক্ৰি কৰাৰ ফলত হাহাকাৰ কৰিবলগা হৈছে ৰাইজে। স্মৰ্তব্য যে, যোগান বিভাগে কোনোধৰণৰ নিয়ন্ত্ৰণ নৰখা বজাৰ সমূহত এইদৰে একাংশ মধ্যভোগী দালালে মাধমাৰ সোধাইছে গ্ৰাহকক। যাৰবাবে কলগাছিয়াৰ লগতে বিভিন্ন বজাৰত একেই অৱস্থা। শীঘ্ৰে বজাৰ নিয়ন্ত্ৰণ কৰাৰ লগতে মূল্যবৃদ্ধি ৰোধ কৰিবলৈ দাবী জনাইছে ভুক্তভোগী ৰাইজে।