11/07/2021 - 18:41
in
মাজুলীঃ আজি মাজুলী জিলাৰ গড়মূৰৰ মেপ-ওকোমত মাজুলী জিলা বিজেপিৰ ফিচাৰমেন চেলৰ কনভেনৰ আলোচনা চক্ৰ। মুকুল হাজৰিকাৰ সভাপতিত্বত
সম্পন্ন হয় সভাখনি।
মাজুলী জিলাৰ নিবনুৱা সকলৰ মাজত মীন পালন সম্পৰ্কে সজাগতা অনাৰ উদ্দেশে আলোচনা চক্ৰখন অনুষ্ঠিত হয়। আলোচনা চক্ৰত অংশগ্ৰহণ কৰে মাজুলী জিলা মীন বিভাগৰ বিষয়ববীয়াসকলে।
প্ৰথম অৱস্থাত মাজুলীৰ ১৬১ খন ৰাজহ গাঁৱৰ ভিতৰত মাত্ৰ ১০খন ৰাজহ গাঁও (RIAS) আঁচনিত অন্তৰ্ভুক্ত হৈছিল বাকী থকা ১৫১ খন গাঁৱক RIAS ত অন্তৰ্ভুক্ত কৰিবলৈ মুকুল হাজৰিকাৰ নেতৃত্বতত এটা দলে মীন মন্ত্ৰীক সাক্ষাৎ কৰি বাকী থকা গাঁওসকলক অন্তৰ্ভুক্ত কৰিবলৈ অনুৰোধ জনায় আৰু সেই অনুৰোধ ৰক্ষা কৰি মন্ত্ৰী গৰাকীয়ে গাঁও কেইখন RIAS ত অন্তৰ্ভুক্ত কৰে। মুকুল হাজৰিকাৰ এনে তৎপৰতাৰ বাবে গাঁওবাসীসকলে শলাগ লয়।