বৰখালাত প্ৰয়াত পৰেশ চন্দ্ৰ দাসক সশ্ৰদ্ধ স্মৰণ

 11/07/2021 - 18:48
 
 
 
 
বাহাৰঘাটঃ বৰখালাত অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত অৱৰ সচিব পৰেশ চন্দ্ৰ দাসক সশ্ৰদ্ধ স্মৰণ৷ বৰ্তমান নলবাৰী জিলাৰ ঐতিহাসিক গাঁও বৰখালাত ১৯৫২ চনৰ এক জুলাই তাৰিখে জন্ম হৈছিল৷ অতি দৰিদ্ৰ ঘৰত জন্মগ্ৰহণ কৰা দাসে হাইস্কুলীয়া জীৱনতে অসম ৰাজ্যিক পৰিবহণ নিগমৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী হৈ কৰ্মজীৱনৰ পাতনি মেলিছিল৷
 
চাকৰি আৰু অধ্যায়ন দুয়োটাই সমান্তৰালভাৱে কৰি বানিজ্যৰ স্নাতক আৰু মুদ্ৰা লিখন সম্পূৰ্ণ কৰি অসম সচিবালয়ৰ এজন দায়িত্বশীল কৰ্মচাৰী হিচাবে পৰিচিত হৈ পৰিছিল৷ প্ৰয়াত দাস নামনি অসমৰ তদানীন্তন প্ৰভাৱশালী মন্ত্ৰী ডা০ ভূমিধৰ বৰ্মনৰ ব্যক্তিগত সচিব হিচাবে মন্ত্ৰী গৰাকীৰ অতিপাত প্ৰিয়ভাজন হৈছিল৷ তেওঁৰ কৰ্মময় জীৱনত বৰখালা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, বৰখালা শ্ৰীশ্ৰী লক্ষ্মীনাৰায়ল যজ্ঞ মণ্ডপ,লক্ষ্মীনাৰায়ন যুৱক সংঘ আৰু পুথিভঁৰালকে ধৰি বহুতো বাটপথ আৰু অনুষ্ঠান-প্ৰতিষ্ঠান স্থাপনত অগ্ৰগণি ভূমিকা লৈছিল৷
 
আজি তেওঁৰ পবিত্ৰ মৎস্য স্পৰ্শৰ দিনা বৰখালা শ্ৰীশ্ৰী লক্ষ্মীনাৰায়ণ যজ্ঞ আৰু লক্ষ্মীনাৰায়ণ যুৱক সংঘৰ উদ্যোগত সংঘ বাকৰিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে৷ অনুষ্ঠানৰ আৰম্ভণিতে প্ৰয়াত ব্যক্তি গৰাকীৰ প্ৰতিচ্ছবি মাল্যাৰ্পণ কৰে সমাজসেৱী ডা০ অৰুণ চন্দ্ৰ শৰ্মাই৷ ইয়াৰ পিচতে অসম টেক্সটাইল প্ৰতিষ্ঠানৰ অধ্যক্ষ ৰামচন্দ্ৰ দাস, সমাজসেৱক শ্ৰীকান্ত দাস, অৱসৰপ্ৰাপ্ত শিক্ষক কুমুদ দাস, শিক্ষক অনিল চন্দ্ৰ শৰ্মা, ব্যৱসায়ী পবীন দাসকে ধৰি কেইবাজনো লোকে প্ৰয়াত দাসৰ গুনানুকীৰ্তন কৰে৷ ইয়াৰ পিচতে পশ্চিম বড়িগোগ ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক হৰিদেৱ ভট্টাচাৰ্যই ভাগৱত পাঠ কৰে৷
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।