পেডেল মাৰি মাৰি কাৰ্যালয়লৈ আহিল কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডঃ হৰ্ষবৰ্ধন

 06/03/2019 - 18:52

ডিজিটেল ডেস্কঃ আজি বিশ্ব চাইকেল দিৱস৷ দিৱসটোৰ সৈতে সংগতি ৰাখি বহুলোকে চাইকেল চলাই নিজৰ কাৰ্যালয়লৈ যোৱা দেখা গৈছে।এইক্ষেত্ৰত পিছ পৰি ৰোৱা নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন্ত্ৰীসভাত দ্বিতীয়বাৰৰ বাবে স্থান পোৱা কেন্দ্ৰীয় মন্ত্ৰী ডঃ হৰ্ষবৰ্ধন৷ সোমবাৰে মন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰিবলৈ কাৰ্যালয়লৈ ডঃ হৰ্ষবৰ্ধন আহিল চাইকেলেৰে।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ মন্ত্ৰীগৰাকীয়ে চাইকেলেৰে আহি সকলো লোকৰে দৃষ্টি আকৰ্ষণ কৰে। দায়িত্বভাৰ গ্ৰহণ কৰিয়ে টুইটাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ জনালে মন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে, ‘আজি মই স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিলো। মোক বিশ্বাস কৰাৰ বাবে নৰেন্দ্ৰ মোডীক মই ধন্যবাদ জনালো’।চাইকেল চলোৱাটো তেওঁৰ প্ৰিয় কাম বুলিও মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।