ৰাজ্যত পুনৰ উপ-নিৰ্বাচন অনুষ্ঠিত নকৰিবলৈ আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যােতি বৰুৱাৰ আহ্বান

 11/10/2021 - 13:14
 
 
নিউজ ডেস্কঃ শেহতীয়াভাৱে ৰাজ্যত অনুষ্ঠিত হ’ল ৫ টা সমষ্টিত উপ নিৰ্বাচন। ৰাজ্যত পুনৰ উপ নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা শুনিবলৈ পোৱা গৈছে একাংশ নেতা মন্ত্ৰীৰ মুখত। কিন্তু ৰাজ্যত পুনৰ উপ-নিৰ্বাচন অনুষ্ঠিত নকৰিবলৈ আহ্বান জনাইছে আছুৰ সাঃ সম্পাদক শংকৰজ্যোতি বৰুৱাই। কলিয়াবৰ আছুৰ উদ্যোগত অনুষ্ঠিত হোৱা শ্বহীদ দিৱসৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে সাধাৰণ সম্পাদক গৰাকীয়ে। তেওঁ কয়- যিমানেই উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব সিমানেই কৰৰ বোজা বাঢ়ি যাব, ঋণৰ বোজা জনসাধাৰণ আৰু কৰদাতাসকলৰ ওপৰত পৰে। সেয়ে উপ-নিৰ্বাচনৰ পৰা সকলোৱে আঁতৰি থকাই ভাল’। উপ-নিৰ্বাচন অনুষ্ঠিত কৰি অবাবত ৰাজহুৱা ধন শৰাধ নকৰিবৰ বাবেও ৰাজ্য চৰকাৰক আহ্বান জনাই শংকৰজ্যোতি বৰুৱাই।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।