জামুগুৰিহাটৰ লগতে চতিয়াত ষট পূজাৰ প্ৰস্তুতিঃ পূৰ্বৰ তুলনাত নাই বিশেষ জাকজমকতা

 11/10/2021 - 13:24
 
 
 
জামুগুৰিহাটঃ চতিয়াৰ মাজমজিয়াৰ মৰনৈ নদীৰ পাৰত আৰু জামুগুৰিহাটৰ জীয়া ভৰলী নৈৰ পাৰত সাৰ্বজনীন ষট পূজাৰ আয়োজন৷ এই মুহূৰ্তত পূজাৰ আয়োজক তথা ভক্তই পূজাস্থলীত চলাইছে ব্যাপক প্ৰস্তুতি৷ ৰাতিপুৱাৰ পৰাই ভক্তসকলে নিজ নিজ স্থানত বেদী তৈয়াৰত ব্যস্ত হৈ পৰা দেখা গৈছে৷ আটকধুনীয়াকৈ নিজ নিজ বেদীসমূহ নিৰ্মাণত ব্যস্ত ভক্তসকল৷
 
বেদীসমূহত ৰং তুলিকাৰে জিলিকাই তোলাত ব্যস্ত আৰু কিছু মুহূৰ্তৰ পিছতেই সম্পূৰ্ণ হৈ পৰিব ষট পূজাস্থলী৷ ইতিমধ্যে নদীৰ ওপৰতেই স্থাপন কৰা পূজাৰ মণ্ডপ সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে৷ ভক্তসকল পূজাৰ বাবে আগবাঢ়ি আহিছে যদিও ক’ভিডসৃষ্ট পৰিৱেশ আৰু লকডাউন তথা মূল্যবৃদ্ধিয়ে ভক্তসকলক জুৰুলা কৰি পেলাইছে৷ তথাপিও ভক্তিভাৱেৰে ওলাই আহিছে ভক্তগণ৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।