নুমলীগড়ত বন্যহস্তীৰ সন্ত্ৰাস অব্যাহত

 11/10/2021 - 13:46
 
 
গোলাঘাটঃ নুমলীগড়ত বন্যহস্তীৰ সন্ত্ৰাস অব্যাহত। বন্যহস্তীৰ মুক্ত বিচৰণে আতংকিত কৰি তুলিছে মৰঙিবাসীক। বিশেষকৈ মৰঙিৰ মিৰিপথাৰ, নগাকটা, চুমণি আদি গাঁৱত নিশা হ’লেই বন্যহস্তীৰ জাকে পকা ধাননি পথাৰত সোমাই ধান খাই, গচকি অনিষ্ট কৰে। বন বিভাগে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ  নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ।
 
হাতীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাইজে লৈছে এক অভিনৱ পন্থা। ঘৰৰ চাৰিসীমাত ৰচীৰ সহায়ত বটল বান্ধি কিছু পৰিমাণে বন্যহস্তীৰ উপদ্ৰৱৰ পৰা ৰক্ষা পোৱাৰ চেষ্টা এইসকল গঁঞাৰ। নুমলীগড়ত হাতী মানুহৰ সংঘাতৰ দৃশ্য এতিয়া নৃত্য নৈমিত্তিক ঘটনা।
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।