11/10/2021 - 14:01
in
গোলাঘাটঃ আজি গোলাঘাট কৰ্ত্তৰোডস্থিত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অত্যাৱশ্যকীয় সামগ্ৰী ৰোধৰ দাবীত জাতীয় সংগ্ৰামী সেনাৰ গোলাঘাট জিলা সমিতিৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। বিজেপি চৰকাৰ গ’ বেক, মুখ্যমন্ত্ৰী হায় হায়, অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধি ৰোধ কৰক আদি বিভিন্ন শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে। শীঘ্ৰে যদি চৰকাৰে এওঁলোকৰ দাবীসমূহ মানি নলয় তেনেহলে ভবিষ্যতে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে সংগঠনতোৰ নেতাসকলে।