জামুগুৰিহাটৰ গাঁৱে গাঁৱে ৰাস উদযাপনৰ প্ৰস্তুতিঃ খোল-তাল, বাঁহীৰ শব্দই বৈকুণ্ঠ নগৰী কৰি তুলিছে জামুগুৰিহাটৰ আকাশ-বতাহ

 11/11/2021 - 13:29
 
 
 
 
জামুগুৰিহাটঃ ৰাজ্যৰ অন্যান্ন প্ৰান্তৰ লগতে নামঘৰ নগৰী জামুগুৰিহাটতো এতিয়া ৰাস উদযাপনৰ প্ৰস্তুতি তুংগত উঠিছে৷ খোল-তাল বাঁহীৰ শব্দই বৈকুণ্ঠ নগৰী কৰি তুলিছে জামুগুৰিহাটৰ আকাশ-বতাহ৷
 
অঞ্চলটোৰ গাঁৱে গাঁৱে এতিয়া ৰাসৰ আখৰাত ব্যস্ত গঞাঁ ৰাইজ৷ কলবস্তিৰ নামঘৰ প্ৰাংগণত এইবাৰ চাৰিগাঁৱৰ ৰাইজে দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰিবলৈ লৈছে ২১তম শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ আৰু শিশু লীলা৷
 
এই লৈ উখল-মাখল গাঁৱৰ পৰিৱেশ৷ কণ কণ শিশুৰ পৰা আৰম্ভ কৰি যুৱতী-মহিলা সকলো খোলৰ তালে তালে কৃষ্ণ, গোপীৰ অভিনয়ৰ আখৰাত ব্যস্ত হৈ পৰা দেখা গৈছে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।