আজিৰে পৰা আৰম্ভ মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰত পালনাম

 11/11/2021 - 14:34
 
 
মাজুলীঃ সত্ৰীয়া আৰু অসমৰ বাৰেৰহণীয়া সংস্কৃতিৰ পীঠস্থল মনিকাঞ্চনৰ সংযোগস্থলী, আধ্যাত্মিক চিন্তা-চৰ্চা আৰু বৰ্ণাঢ্য কৃষ্টি-সংস্কৃতিৰে জীপাল হৈ থকা অসমৰ সত্ৰনগৰী মাজুলীৰ অন্যতম উৎসৱ পালনাম। প্ৰত্যেক বছৰৰ কাতি মাহৰ ২৫ তাৰিখৰ পৰা ২৯ তাৰিখলৈ আউনিআটী সত্ৰত পাঁচদিনীয়াকৈ সাত্বিকভাৱে ১৬৯৫ খ্ৰীষ্টাব্দৰ পৰা পালন হৈ আহিছে যদিও এইবাৰ ২৪কাতি ৰ পৰা অৰ্থাৎ আজিৰ পৰা পালন কৰা হৈছে এই পালনাম উৎসৱ।
 
পালনামৰ দিনকেইটাত সত্ৰৰ চাৰিহাটীত বৈষ্ণৱসকলে নিজৰ নিজৰ পাল অনুসৰি নাম ঘোষে। পালনাম চলি থকা দিনকেইদিনত সত্ৰৰ নিয়মীয়া নিত্য-প্ৰসংগ সমূহো সাল-সলনি ঘটোৱা নহয়। পালনামৰ পাৰম্ভতে দৈনিক প্ৰসংগৰ অন্যতম “বৰ-নাম” পাছত সত্ৰাধিকাৰৰ পৰা পালনামত অংশ লোৱা পাঁচজন বৈষ্ণৱে পালনাম গাবলৈ অনুমতি আৰু বৰণ লোৱাৰ নিয়ম আছে। সত্ৰাধিকাৰৰ পৰা এইদৰে অনুমতি আৰু বৰণ লৈ নামঘৰ মনিকুটক বৈকুণ্ঠৰ ৰূপত কল্পনা কৰি বৈকুণ্ঠৰ পৰা নমাই আনে।
 
আউনিআটী সত্ৰৰ পালনামত নামঘৰৰ মাজত পুৱা-পশ্চিমাকৈ এখন নৌকা স্থাপন কৰে। এইখন হ’ল হৰিনামৰূপী নৌকা আৰু ভাগৱত শাস্ত্ৰ হল স্বয়ং কৃষ্ণস্বৰূপ। হৰিনামৰূপী নৌকা আৰু কৃষ্ণৰূপী ভাগৱত শাস্ত্ৰ স্থাপন কৰাৰ পাছত দুয়োফালে ভক্ত-বৈষ্ণৱসকলে বহি নাম ধৰে পালনামৰ শুভাৰম্ভণি উপলক্ষে সত্ৰত নতুনকৈ নিৰ্মান কৰা কৰাপাট উন্মোচন কৰে মাজুলী জিলাৰ উপায়ুক্ত পুলক মহন্তই।
 
সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱ গোস্বামীয়ে সত্ৰ খনত নতুনকৈ নিৰ্মান কৰা কৰাপাট খনৰ নিৰ্মানকাৰ্যৰ লগত জড়িত সকলৰ প্ৰশংসা কৰে আৰু সত্ৰখনত এটি মহৎ কাৰ্য সম্পন্ন হোৱা বুলি ব্যক্ত কৰে। 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।