দুবিঘা মাটিত তিনিবিধ ফচলৰ খেতি কৰি স্বাৱলম্বিতাৰ সুন্দৰ নিদৰ্শন দেখুৱালে কালুজান গাঁৱৰ জিতু শইকীয়াই

 11/11/2021 - 17:09
 
 
গোলাঘাটঃ মাত্ৰ দুবিঘা মাটিতেই তিনিবিধ ফচলৰ খেতি কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে গোলাঘাট কালুজান গাঁৱৰ কৃষক জিতু শইকীয়াই৷ তেওঁ দৈয়াংনদীৰ পাৰৰ সাৰুৱা ভূমীত কাজিনেমু, কাছকল আৰু অমিতা খেতি কৰি লাভবান হৈছে বুলি মত প্ৰকাশ কৰে৷ এতিয়া জিতুৱে গছতে পকা অমিতা বিক্ৰী কৰি সপ্তাহত লাভ কৰিছে তিনিহাজাৰকৈ টকা৷ লগতে অঞ্চলটোৰ আন নিবনুৱা যুৱক-যুৱতীৰ বাবেও স্বাৱলম্বিতাৰ নিদৰ্শন পৰিছে যুৱ কৃষক জিতু শইকীয়া৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।