আজি মৌলানা আবুল কালাম আজাদৰ জন্মজয়ন্তী

 11/11/2021 - 17:50
 
 
নিউজ ডেস্কঃ ১১ নবেম্বৰ ১৮৮৮ চনত আবুল কালাম গোলাম মুহিয়ুদ্দিন আহমেদ বিন খাইৰুদ্দিন আল-হুছেইনী আজাদৰ জন্ম হৈছিল। আজি স্বাধীনতা আন্দোলনত সক্ৰিয় ভূমিকা পালন কৰা এগৰাকী অন্যতম সংগ্ৰামী নেতা হিচাপে দেশমাতৃৰ প্ৰতি আগবঢ়াই যোৱা মহৎ সেৱক আবুল কালাম আজাদৰ জন্ম জয়ন্তী।
 
১১ নৱেম্বৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জ্যেষ্ঠ নেতা, ইছলামধৰ্মী লেখক মৌলানা আবুল কালাম আজাদৰ জন্ম জয়ন্তী হিচাপে উদযাপন কৰা হয়। এই দিৱস বিপ্লৱী ব্যক্তিজনৰ সন্মানত ৰাষ্ট্ৰীয় শিক্ষা দিৱস উদযাপন কৰা হয়। আবুল কালাম আজাদ এজন ভাৰতীয় স্বাধীনতা কৰ্মী, ইছলামিক ধৰ্মতত্ত্ববিদ, লেখক আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আছিল। ভাৰতৰ স্বাধীনতাৰ পিছত তেওঁ ভাৰত চৰকাৰৰ প্ৰথম শিক্ষা মন্ত্ৰী হয়। তেওঁক সাধাৰণতে মৌলানা আজাদ বুলি স্মৰণ কৰা হয়। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।