খাৰিজা বিজনীত অবৈধ কুৱেৰীৰ পৰা শিল-বালি কঢ়িওৱা ট্ৰেক্টৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

 11/12/2021 - 12:57
 
 
শালবাৰীঃ বাক্সাৰ খাৰিজা বিজনীত অবৈধ কুৱেৰীৰ পৰা শিল-বালি কঢ়িওৱা ট্ৰেক্টৰ বিৰুদ্ধে প্ৰতিবাদ ৰাইজৰ। দীৰ্ঘদিন ধৰি কাটাঝাৰ কাহিতামা পথটোৰে অবৈধ শিলবালি কঢ়িওৱা ট্ৰেক্টৰৰ দৌৰাত্ম অব্যাহত আছিল। যাৰ বাবে বিপদ নামি আহিছিল পথটোৰ বেঁকী নৈৰ ওপৰত থকা দুৰ্বল পকী দলঙখনলৈ।কিয়নো দলঙখন দুৰ্বল হৈ পৰাৰ বাবে গধুৰ যান-বাহনৰ চলাচলত নিষেধাজ্ঞা প্ৰদান কৰিছিল PWD কৰ্তৃপক্ষই।
 
তাৰ পিছতো একাংশ দুষ্ট চক্ৰই উক্ত দুৰ্বল দলঙখনেৰে অবৈধ শিল-বালি মহলৰ পৰা অত্যাধিক বোজাৰ শিল-বালি কঢ়িয়াই আহিছিল। বিয়াগোম বন বিভাগৰ উপৰিও প্ৰশাসনৰ চকুত ধুলি দি অব্যাহত ৰখা এনে কৰ্মকাণ্ড দেখিত হতচকিত হৈ পৰে স্থানীয় ৰাইজ। যাৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোৰ ৰাইজ ওলাই আহি এনেদৰে অবৈধভাৱে চলা শিল-বালি ভৰ্তি ট্ৰেক্টৰসমূহৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। অসম চৰকাৰ হায় হায়, বন বিভাগ হায় হায়, অসম পুলিচ মুর্দাবাদ, আদি বিভিন্ন ধৰণৰ শ্ল’গান প্ৰদান কৰে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।