ধুবুৰীত এজন ব্যক্তি চিপ লৈ আত্মহত্যা

 11/12/2021 - 15:35
 
 
 
ধুবুৰীঃ ধুবুৰী মেজিষ্ট্ৰেট কলোনিত ৰাতিৰ এন্ধাৰৰ সুযোগ লৈ ৰাম চন্দ্ৰ সাহা নামৰ ব্যক্তি গৰাকী চিপ লৈ আত্মহত্যা কৰে। তেওঁৰ দুই পত্নীহ তিনিজন সৰু সৰু ল'ৰা-ছোৱালী এৰি থৈ যায়। জানিব পৰা মতে ৰাম চন্দ্ৰ সাহা নামৰ ব্যক্তিজনে ধুবুৰীৰ নাথ মোল মহাবীৰ প্ৰসাদ নামৰ পেট্ৰল পাম্পত দীৰ্ঘদিন ধৰি পেট্ৰল ভৰোৱাৰ কামত কৰ্মৰত আছিল আৰু পেট্ৰল ডিজেল কিছুমান গ্ৰাহকক দুই লাখ ৫০হাজাৰ টকা বাকী দিছিল ৰাম চন্দ্ৰ সাহা নামৰ ব্যক্তিজনে।
 
দুই লাখ ৫০ হাজাৰ টকাৰ ভিতৰত এক লাখ টকা এক লাখ টকা উটুৱাই দিছিল আৰু এক লাখ ৫০ হাজাৰ টকা উটুৱাই দিয়াৰ বাবে বাৰে বাৰে হেঁচা প্ৰয়োগ পেট্ৰল পাম্পৰ মালিকে। নাথ মোল মহাবীৰ প্ৰসাদ পেট্ৰল পাম্পৰ মালিকে ৰাম চন্দ্ৰ সাহাক টকা আদায় দিয়াৰ বাবে হেঁচা প্ৰয়োগ কৰিছিল বুলি তেওঁৰ পত্নীয়ে অভিযোগ উখাপন কৰে। সেই টকা ঘুৰাই নিদিয়াৰ বাবে চিপ লৈ আত্মহত্যা কৰিছে বুলি জানিবলৈ দিয়ে। ঘটনাস্থলীত জিলা দণ্ডাধিশ আৰু আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে। আৰক্ষীৰ তদন্তৰ পিছত সকলো তথ্য প্ৰহৰ লৈ আহিব পাৰে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।