11/12/2021 - 16:12
in
নিউজ ডেস্কঃ শিৱসাগৰ চহৰে বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে যাতে স্বীকৃতি লাভ কৰে সেই লক্ষ্য আগত ৰাখি কেতবোৰ নতুন কাৰ্যসূচী হাতত লৈছে বিধায়ক অখিল গগৈয়ে। জিলা প্ৰশাসন আৰু পৌৰসভাৰ সহযোগত লৈছে দীৰ্ঘম্যাদী আঁচনি। ইয়াৰে প্ৰথম পদক্ষেপ হিচাপে সমগ্ৰ শিৱসাগৰ নগৰখনক সুন্দৰ, স্বচ্ছ, পৰিচ্ছন্ন কৰি তুলিবলৈ আজিৰে পৰা ‘পৰিষ্কাৰ শিৱসাগৰ, সেউজ শিৱসাগৰ’ নামেৰে এমহীয়া কাৰ্যসূচী আৰম্ভ কৰিছে।শুকুৰবাৰে পুৱা ‘পৰিষ্কাৰ শিৱসাগৰ, সেউজ শিৱসাগৰ’ কাৰ্যসূচী শুভাৰম্ভ কৰে বিধায়ক অখিল গগৈয়ে। হাতত ঝাড়ু লৈ নিজেই চাফাই অভিযানত নামিল বিধায়কগৰাকী।
মাহ জুৰি চাফাই অভিযান চলাব বুলি সদৰি কৰিছে বিধায়কগৰাকীয়ে। চাফাই অভিযানত পৌৰকৰ্মীৰ লগতে ৰাইজৰ দলৰ কৰ্মীয়েও অংশগ্ৰহণ কৰে।এই সন্দৰ্ভত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে কয়, "আমাৰ মূল উদ্দেশ্য হ'ল অহা পাঁচ বছৰৰ ভিতৰত শিৱসাগৰক বিশ্ব ঐতিহ্যক্ষেত্ৰ ৰূপে প্ৰতিষ্ঠা কৰা। ইয়াৰ প্ৰাৰম্ভিক কাম হিচাপে আমি ‘পৰিষ্কাৰ শিৱসাগৰ, সেউজ শিৱসাগৰ’ নামেৰে এটা কাৰ্যসূচী শুভাৰম্ভ কৰিছো।
মূল চাৰিটা দিশৰ ওপৰত এই এমাহত গুৰুত্ব দিয়া হ'ব। য'তে ততে পেলাই থোৱা জাবৰ–জোঁথৰসমূহ আঁতৰাই পৰিষ্কাৰ কৰা। দ্বিতীয়তে বিভিন্ন স্থানত যি অলাগতীয়াল বন–লতা গজি জংঘল হৈ পৰিছে সেইবিলাক চাফা চিকুণ কৰা, নলা–নৰ্দমা সমূহ পৰিষ্কাৰ কৰা, যাতে কৃত্ৰিম বানপানীৰ পৰা ৰক্ষা পাব পাৰি আৰু ডাম্পিং গ্ৰাউণ্ডৰ পৰা যিবিলাক আৱৰ্জনা ৰাষ্ট্ৰীয় ঘাইপথত পৰিছেহি সেইবিলাক আঁতৰাই পৰিষ্কাৰ কৰা।"প্ৰতিদিনেই চাফাই কাৰ্যসূচীত ৰাইজৰ দলৰ কৰ্মীসকল উপস্থিত থাকিব বুলিও সদৰি কৰে অখিল গগৈয়ে। ইয়াৰ উপৰি এই মাহজোৰা কাৰ্যসূচীত সৰ্বসাধাৰণ ৰাইজৰো সহযোগিতা কামনা কৰিছে বিধায়কগৰাকীয়ে।