11/12/2021 - 17:56
in
চাপৰঃ ধুবুৰী জিলাৰ চাপৰ প্ৰগতি ভৱনত স্বাস্থ্য বিভাগৰ নিৰ্দেশত চাপৰ প্ৰাথমিক চিকিৎসালয়ৰ স্বাস্থ্যকৰ্মীসকলৰ উপস্থিতিত এখন সভা অনুষ্ঠিত হয়। উক্ত সভাত আশা কৰ্মীসকলৰ লগতে বিভিন্ন বৰ্গৰ স্বাস্থ্যকৰ্মীসকলক লগত লৈ ক’ভিড ভেকচিনৰ ওপৰত এক আলোচনা চক্ৰ অনুষ্ঠিত কৰে।
চাপৰ প্ৰাথমিক চিকিৎসালয়ে ইতিমধ্যে চাপৰ অঞ্চলৰ ১ লাখ ২ হাজাৰ লোকৰ ভিতৰত ৯৬ হাজাৰ লোকক প্ৰথম পালি ক’ভিড টীকাকৰণ প্ৰদান কৰিছে আৰু যিসকল ব্যক্তি এতিয়ালৈ ক’ভিড টীকাকৰণৰ প্ৰথম পালি লোৱা নাই তেওঁলোকক অহা ১৯ নবেম্বৰ তাৰিখৰ ভিতৰত চিনাক্ত কৰি প্ৰয়োজন সাপেক্ষে ভোটাৰ তালিকা লৈ ২০ তাৰিখৰ পিছত ঘৰে ঘৰে গৈ ক’ভিড ভেকচিন প্ৰদান কৰিব বুলি জানিব পৰা যায়। ইতিমধ্যে চাপৰ স্বাস্থ্যকৰ্মীসকলে চাপৰ অঞ্চলৰ প্ৰতিজন ব্যক্তিক ২৮ নবেম্বৰ ভিতৰত সম্পূৰ্ণ টীকাকৰণ কৰিব বুলি জানিবলৈ দিয়ে।