11/13/2021 - 12:19
in
কাকপথাৰঃ এটা বছৰ পূৰ্ণ হ’ল তিনিচুকীয়া জিলাৰ কাকপথাৰৰ জ্যেষ্ঠ সাংবাদিক তথা সমাজকৰ্মী পৰাগ ভূঞাৰ ৰহস্যজনক দুৰ্ঘটনাত পতিত হৈ মৃত্যুৰ ঘটনাৰ৷ ইয়াৰ লগত সংগতি ৰাখি কাকপথাৰ প্ৰেছ ক্লাৱৰ সভাপতি, তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ উপ সভাপতি তথা সক্ৰিয় সমাজকৰ্মী প্ৰয়াত সাংবাদিক গৰাকীৰ স্মৃতিত কাকপথাৰ প্ৰেছ ক্লাৱৰ উদ্যোগত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে৷
কাকপথাৰ হিন্দী বিদ্যালয় প্ৰাংগনস্থিত ছাত্ৰ সন্থাৰ শ্বহীদ বেদীৰ সন্মুখত অনুষ্ঠিত কৰা এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতেই প্ৰয়াত সাংবাদিক গৰাকীৰ ৰহস্যজনক মৃত্যুৰ CID এ কৰা তদন্তৰ তথ্য শীঘ্ৰেই ৰাজহুৱা কৰাৰ দাবীত প্ৰতীকি প্ৰতিবাদ সাব্যস্ত কৰা হয়৷ কাকপথাৰ প্ৰেছ ক্লাৱৰ উদ্যোগত আয়োজন কৰা এই কাৰ্যসূচীত সহযোগ কৰে কাকপথাৰৰ সাংবাদিক সকলৰ লগতে আপকু তিনিচুকীয়া জিলা সমিতি, আছু, যুৱ ছাত্ৰ পৰিষদ, মৰাণ ছাত্ৰ সন্থাৰ লগতে অঞ্চলটোৰ বহুকেইটা দল-সংগঠনে৷ উক্ত কাৰ্যসূচীত আটাইকেইটা সংগঠনৰ বিষয়ববীয়াই শীঘ্ৰেই CID তদন্তৰ তথ্য ৰাজহুৱা কৰিবলৈ দাবী উত্থাপন কৰে৷