11/13/2021 - 12:39
in
জামুগুৰিহাটঃ দুৰ্ঘটনাত মৃত্যুবৰণ কৰা লোকসকলৰ পৰিয়ালক আৰক্ষীয়ে দিবলগীয়া সকলো নথি-পত্ৰ ১৫ দিনৰ ভিতৰত জমা দিবলৈ অসমৰ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়াৰ পাচতেই সষ্টম হৈ পৰে ৰাজ্যৰ আৰক্ষী মহল৷ শোণিতপুৰ জিলা আৰক্ষী প্ৰশাসনো এই ক্ষেত্ৰত পিচ পৰি থকা নাই৷ যোৱা ৯ নবেম্বৰত চাৰিদুৱাৰ থানা এলেকাত এক পথ দুৰ্ঘটনাত মৃত্যুবৰণ কৰা জামুগুৰিহাটৰ দুজন ব্যক্তিৰ বাসগৃহত উপস্থিত হৈ দুইটা পৰিয়ালক দুৰ্ঘটনাৰ সকলো নথি তথা ফ্ৰম 56 প্ৰদান কৰে চাৰিদুৱাৰ আৰক্ষীয়ে৷
চাৰিদুৱাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আলিমুদ্দিন আহমেদে শুকুৰবাৰে সন্ধিয়া জামুগুৰিহাটৰ যোগীবস্তীৰ দুৰ্ঘটনাত পতিত লাল বাহাদুৰ যোগী আৰু মঙলবৰীয়া খ্ৰীষ্টানবস্তীৰ চামুৱেল জাযোৱাৰৰ পৰিয়ালক চৰকাৰৰ নিৰ্দেশনা অনুসৰি ফ্ৰম 56 প্ৰদান কৰে৷ চাৰিদুৱাৰ আৰক্ষীৰ এই তাৎক্ষণিক পদক্ষেপক অঞ্চলটোৰ সচেতন মহলে শলাগ লয়৷