11/13/2021 - 13:07
in
শালবাৰীঃ বাক্সাৰ খৰিজা বিজনীৰ চুক্ৰুংবাৰীত কৃষকৰ হাহাকাৰ। অঞ্চলটোৰ বহু কৃষকে বিঘাই বিঘাই কৰা বিলাহী খেতিত নালাগিল ফল। বৰপেটাৰোডৰ বীজ ভাণ্ডাৰৰ পৰা বীজ ক্ৰয় কৰি বিলাহী খেতি কৰিছিল কৃষকসকলে। লক্ষাধিক টকা খৰচ কৰি কৰা বিলাহী খেতিত ফল নলগাত উপায়ন্তৰ হৈ পৰে কৃষকসকল। তাৰ পিছতে আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বৰপেটাৰোড আঞ্চলিক কমিটিয়ে কৃষকসকলৰ হকে এখন সংবাদমেল সম্বোধন কৰে।
সংবাদ মেলত শীঘ্ৰেই কৃষি বিভাগক এই সক্ৰান্তত তদন্ত কৰি কৃষকসকলক ন্যায় প্ৰদান কৰিবলৈ আহ্বান জনায়। সাত দিনৰ ভিতৰত ভুক্তভোগী কৃষকসকলক উচিত ক্ষতিপূৰণৰ ব্যৱস্থা নকৰিলে বৰপেটাৰোডস্থিত কৃষি বিভাগৰ কাৰ্যালয়ত কৃষকসকলৰ সহযোগত ধৰ্ণা দিয়াৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে। সংবাদ মেলত সংগঠনটোৰ বৰপেটা জিলা সভাপতি মঞ্জিত দাস ওজা আৰু সম্পাদক কাজিমূল হক উপস্থিত থাকে।