11/13/2021 - 14:57
in
বিহালীঃ ১৫ বছৰে প্ৰকৃতি সংৰক্ষণৰ লগত জড়িত এগৰাকী অধিবক্তা। বিশ্বনাথ চাৰিআলিৰ কুমুদ বৰুৱাই ২০১৫ চনলৈকে ন্যায়িক দণ্ডাধীশৰ আদালতত ওকালতি কৰিছিল। ২০১৫ চনতেই ওকালতি ত্যাগ কৰি প্রকৃতি সংৰক্ষণত নামি পৰে কুমুদ বৰুৱা। তেওঁ প্রথমতে ২০১২ চনত বিশ্বনাথ আদালতৰ চৌহদত গছপুলি আৰু ফুলনি বাগিছা কৰে।
তাৰ পিছৰ পৰা তেজপুৰ, দুলীয়াজান, হাবাজান, বিহুপুৰীয়া, ডিব্রুগড়কে আদি কৰি বিভিন্ন ঠাইত নিজাববীয়াকৈ অকলে ২৫০০০ হাজাৰ গছপুলি ইতিমধ্যে ৰূপণ কৰিছে আৰু সংৰক্ষণৰো ব্যৱস্থা কৰিছে। কিন্তু আজিলৈকে কোনো চৰকাৰী বা বেচৰকাৰী সন্থাসমূহৰ সহায়ী পোৱা নাই এইগৰাকী প্ৰকৃতিপ্ৰেমীয়ে।