11/13/2021 - 16:04
in
লাহৰিঘাটঃ জৰিবৰ গাঁও পঞ্চায়তৰ কৃষি বিভাগৰ গ্ৰাম সেৱকৰ আবেদ আলীয়ে প্ৰদান কৰা চৰকাৰী কঠীয়া ৰুই বিপদত জৰিবৰ গাঁৱৰ বহু দুখীয়া কৃষক। কোনোবাই যদি ৫ বিঘা আকৌ কোনোবাই ৰুইছে ১০ বিঘা মাটিত কৃষি বিভাগৰ চৰকাৰী কঠীয়া । ধানৰ পৰিবৰ্তে হৈছে কেৱল ধান পাত।
ধান গছত নাই কোনো ধান। অৱশেষত ধান গছ কাটি গৰু, ছাগলীক খুৱাবলগীয়া হৈছে। উপায়হীন হৈ চৰকাৰৰ দৃষ্টিগোচৰ হবলৈ সংবাদ মাধ্যমৰ কাষ চাপিছে ভুক্তভোগী পৰিয়ালে। এতিয়া প্ৰশ্ন হয় এনেকৈ চৰকাৰী কঠীয়া লগাই বিপদত পৰা দুখীয়া কৃষকসকল কেনেকৈ চলিব? কোনে দায়িত্ব ল’ব এইসকল দুখীয়া কৃষকৰ? চৰকাৰে এইসকল কৃষকৰ বাবে কি ব্যৱস্থা কৰে সেয়া হ’ব সময়ত লক্ষণীয়?