11/13/2021 - 16:31
in
জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বামুণবাৰী গাঁৱত অনুষ্ঠিত কৰা হয় ১১৬ বছৰীয়া শ্ৰী শ্ৰী জগদ্ধাতী পূজা৷ শুকুৰবাৰৰ পৰা তিনিদিনিয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হোৱা এই পূজা দেওবাৰে সমাপ্ত হব৷ বামুণবাৰী গাঁও উন্নয়ন সমিতি, মহিলা সমিতি তথা গাঁওবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা এই জগদ্ধাত্ৰী পূজাত অঞ্চলটোৰ বিভিন্ন শ্ৰেণী ৰাইজে অংশগ্ৰহণ কৰে৷
প্ৰবাদ অনুসৰি এই মন্দিৰত এই নিদিষ্ট দিনটোত পূজা আগবঢ়ালে পৰিয়ালৰ অপায় অমংগল দূৰ হোৱাৰ লগতে মংগল সাধন হয়৷ এই জন বিশ্বাস অনুসৰিয়েই এই জগদ্ধাত্ৰী পূজাত দূৰ-দূৰণিৰ লোকসকলেও আহি শৰাই শলিতা আগবঢ়ায়৷ পূজাৰ এই দ্বিতীয় দিনটোত তথা নবমী পূজা উপলক্ষে পুৱাৰে পৰা শ শ ভক্তপ্ৰাণ ৰাইজে জগদ্ধাত্ৰী মন্দিৰ প্ৰাংগণত ভিৰ কৰা পৰিলক্ষিত হয়৷ সম্পূৰ্ণ চৰকাৰী ক’ভিড বিধি মানি এই পূজা উদযাপন কৰা বুলি মন্তব্য কৰে উদ্যোক্তাসকলে৷