11/15/2021 - 17:22
in
পূৱ বৰপেটাঃ বৰপেটাত অব্যাহত বগা চাউলৰ কলা বেহা। সৰ্থেবাৰী থানাৰ অন্তৰ্গত বাইহাত উদ্ধাৰ পিডিএছৰ চাউল। এইবাৰ মাছৰ খাদ্য হ’ল গৈ সুলভ মূল্যৰ চাউল। পুখুৰীৰ পাৰত জব্দ কৰা হ’ল ১৪ বেগ সুলভ মূল্যৰ চাউল।
বাইহাৰ সুলভ মূল্যৰ দোকানী আনোৱাৰ খানে এই চাউল বিক্ৰী কৰাৰ অভিযোগ। বাইহাৰ চহিদ খানৰ পুখুৰী পাৰত উদ্ধাৰ এই চাউলখিনি। সৰ্থেবাৰী থানাৰ উপ পৰিদৰ্শক দিপুল শৰ্মাৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে উদ্ধাৰ কৰে এই সুলভ মূল্যৰ চাউলখিনি। সম্প্ৰতি পলাতক হৈ আছে অভিযুক্ত।