তীৰ্থভূমিলৈ ৰূপান্তৰিত জামুগুৰিহাটৰ বালিজুৰি আৰু বৰমতা অঞ্চল

 11/16/2021 - 12:59
 
 
জামুগুৰিহাটঃ বিশ্বশান্তি প্ৰতিষ্ঠাৰ লগতে সমগ্ৰ বিশ্বৰ পৰা ক’ভিড মহামাৰীৰ দৰে মাৰাত্মক ব্যাধি দূৰ হোৱাৰ আশা আগত ৰাখি জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ বালিজুৰি আৰু ধলাইবিল বৰমতাত দেওবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে চলি থকা অহোৰাত্ৰ অখণ্ড হৰি কীৰ্তন অনুষ্ঠানে সমগ্ৰ অঞ্চলটোক তীৰ্থ ভূমিলৈ ৰূপান্তৰিত কৰিছে। শোনিতপুৰ জিলাৰ বৃহত্তৰ জামুগুৰিহাটৰ উত্তৰ জামুগুৰি হৰি কীৰ্তন সংঘৰ উদোগত অনুষ্ঠিত হোৱা অখণ্ড হৰি কীৰ্তন অনুষ্ঠানত অঞ্চলটোৰ বিভিন্ন স্থানৰ পৰা অহা শতাধিক হৰি কীৰ্তন সংঘই অহোৰাত্ৰি হৰি কীৰ্তন পৰিৱেশ কৰে। হৰি কীৰ্তনস্থলীৰ চৌহদত ভক্তসকলে চাকি-বন্তি জ্বলাই আধ্যাত্মিকতাৰ পৰিৱেশৰ সৃষ্টি কৰে। উল্লেখ্য যে জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ গোৰ্খা সম্প্ৰদায়ৰ ৰাইজৰ একক বৃহৎ সামাজিক, সাংস্কৃতিক অনুষ্ঠান উত্তৰ জামুগুৰি হৰি কীৰ্তন সংঘই বিগত ৬৩ বছৰ ধৰি বিশ্ব শান্তি প্ৰতিষ্ঠাৰ উদ্দেশ্যে অখণ্ড হৰি কীৰ্তন অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে। উক্ত অনুষ্ঠানত মুখ্য অতিথিৰ আসন অলংকৃত কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।