11/16/2021 - 13:57
in
পূৱ বৰপেটাঃ বৰপেটা জিলাৰ চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত নিজ চেঙাস্থিত আদৰ্শ চিকিৎসালয়খনৰ নিৰ্মাণ কাৰ্য শেষ হোৱাৰ পাছতো স্বাস্থ্যসেৱাৰ বাবে মুকলি কৰা নাই চিকিৎসালয়খন।
ফলত স্বাস্থ্যসেৱাৰ পৰা বঞ্চিত হ'বলগা হৈছে বৃহত্তৰ চেঙা অঞ্চলৰ সাধাৰণ ৰাইজ। এইক্ষেত্ৰত বহু প্ৰত্যাশিত চেঙা আদৰ্শ চিকিৎসালয় স্থাপনৰ পাছত স্বাভাবিকতে সাধাৰণ ৰাইজ একপ্ৰকাৰ আশ্বস্ত হৈছিল যদিও কাৰ্যতঃ বিভাগীয় কৰ্তৃপক্ষৰ নিৰ্বিকাৰ ভূমিকাই আশাহত কৰিছে বৃহত্তৰ চেঙা অঞ্চলৰ লোকসকলক।
বিভাগীয় কৰ্তৃপক্ষৰ উদাসীনতাৰ বাবেই নিৰ্মাণ কাৰ্য শেষ হোৱাৰ প্ৰায় এটা বছৰ হোৱাৰ পাছতো মুকলি কৰা নাই চেঙা আদৰ্শ চিকিৎসালয়খন। লক্ষ্যণীয় কথা এই যে চিকিৎসালয়খন বিভাগীয় কৰ্তৃপক্ষক হস্তান্তৰ কৰিবলৈও বহুদিন হৈ গৈছে। ]
ক'ভিডৰ সময়ত চিকিৎসালয়খন কেইবাবাৰো উচ্চ পদস্থ বিষয়াই পৰিদৰ্শন কৰিছে। তৎস্বত্বেও কি কাৰণত চিকিৎসালয়খন মুকলি কৰা নাই সেইটোহে ডাঙৰ প্ৰশ্ন হৈ পৰিছে। ইফালে চেঙা অঞ্চলৰ ৰাইজ তথা বিভিন্ন দল-সংগঠনে চিকিৎসালয়খন মুকলি কৰাৰ বাবে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰি আহিছে যদিও গা লৰা নাই বিভাগীয় কৰ্তৃপক্ষৰ।