চৰ্চালৈ আহিছে বিশ্বনাথৰ এখন বিশেষ ৰাসঃ নন্দ-যশোদা অভিনয়ত ইছলাম ধৰ্মাৱলম্বীৰ সাংবাদিক দম্পতী, মুছলমান মহিলাই গালে গীত

 11/19/2021 - 14:47
 
 
 
বিশ্বনাথঃ বিশ্বনাথৰ সৰ্ববৃহৎ ৰাস মহোৎসৱ বুলিলেই উত্তৰ চাৰিআলি সাৰ্বজনীন ৰাসোৎসৱ অন্যতম৷ ২৪বৰ্ষ গৰকা উক্ত ৰাসখন চৰ্চালৈ আহিছে অন্য কাৰণতহে ৷ কিয়নো ৰাস পূৰ্ণিমাত উদযাপিত জাতি-ধৰ্ম নিৰ্বিশেষে অনুষ্ঠিত ৰাসভাগৰ প্ৰথম নিশাৰ নৃত্য-নাটিকাত নন্দ-যশোদা ভাওত অভিনয় কৰিলে এটা ব্যক্তিগত চেটেলাইট চেনেলৰ সাংবাদিক আমিৰ খান আৰু তেওঁৰ সহধৰ্মিনী জোনমনি বেগমে৷
 
যিটো সময়ত এচাম লোকে হিন্দু-মুছলিমৰ ৰাজনীতি কৰি মানুহৰ মাজত বিভেদকামী বাতাবৰণ সৃষ্টি কৰিছে তেনে সময়তে ইছলাম ধৰ্মাৱলম্বী লোকে ৰাস দৰে আধ্যত্মিক নাটত অভিনয় কৰি ভাতৃত্ববোধৰ পৰিচয় দি উৎকৃষ্ট নিদৰ্শন দাঙি ধৰাৰ লগতে সাৱলীল অভিনয়েৰে দৰ্শকক মন্ত্ৰমুগ্ধ কৰি তুলিলে৷ অন্যহাতে, এই ৰাস থলীতে বিগত ২০ বছৰে বৰগীত, ৰাসৰগীত গায় ভাতৃত্ববোধৰ পৰিচয় দাঙি ধৰা হামিদা বেগমৰ গীতো ৰাসখনৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু৷ এই উত্তৰ চাৰিআলি ৰাসে সকলোকে শিকাই গৈছে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে কেনেকৈ সমাজ গঢ়িব পাৰি৷ সকলোকে সামৰি কিদৰে সংস্কৃতি জীয়াই ৰাখিব পাৰি৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।