জিনজিয়া চাহ-বাগিছাৰ শ্ৰমিকৰ মাজত তিনিসুতি গাঁও পঞ্চায়তে অনুষ্ঠিত কৰিলে জব কাৰ্ড মেলা

 11/21/2021 - 18:11
 
 
বিশ্বনাথঃ মহাত্মা গান্ধী গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আইনৰ অধীনত তিনিসুতি গাঁও পঞ্চায়তে আজাদী কা অমৃতময় কাৰ্যসূচীৰ লগত সংগতি ৰাখি আজি এশ দিনৰ কৰ্ম সংস্থাপন দিয়াৰ লক্ষ্যৰে শ্ৰমিকসকলৰ মাজত জব কাৰ্ড মেলা অনুষ্ঠিত কৰে।
 
তিনিসুতি গাঁও পঞ্চায়তৰ সভানেত্ৰী মিলন চুব্বাই নিজ হাতেৰে শ্ৰমিকসকলক জব কাৰ্ড বিতৰণ কৰি ইয়াৰ দ্বাৰা নিবনুৱা সমস্যা দূৰীকৰণ কৰিব পাৰিব বুলি মন্তব্য প্ৰকাশ কৰে। লগতে চাহ-বাগিছাৰ শ্ৰমিকসকলৰ বাবে  চৰকাৰে গ্ৰহণ কৰা অভিলাষী আঁচনি সমূহৰ বিষয়েও চাহ শ্ৰমিকসকলক অৱগত কৰে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।