দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি হ'ল জামুগুৰিহাটৰ পানপুৰ বনাঞ্চল

 11/21/2021 - 19:37
 
 
জামুগুৰিহাটঃ দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি হ'ল জামুগুৰিহাটৰ পানপুৰ বনাঞ্চল। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ তথা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ অন্তৰ্গত পানপুৰ বনাঞ্চল আজি (দেওবাৰে)অসম চৰকাৰৰ বনবিভাগৰ উচ্চ পদস্থ বিষয়া কৰ্মচাৰীৰ উপস্থিতিত ৰঙা ফিটা কাটি শুভ উন্মোচন কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।
 
এই উদ্দেশ্য পানপুৰঘাটত অনুষ্ঠিত হোৱা এক সভাত অংশগ্ৰহণ কৰি বিধায়ক পদ্ম হাজৰিকাই কয়- মই জংঘল ভালপোৱা মানুহ। হাবিৰ জংঘলৰ লগতে বন্য জীৱ-জন্তুৰ লগত আছে মোৰ এক আত্মিক সম্পৰ্ক। সেয়েহে কাজিৰঙাৰ দক্ষিণ পাৰৰ লেখিয়াকৈ উত্তৰ পাৰৰ এই পানপুৰ বনাঞ্চলো পৰ্য্যটনক্ষেত্ৰ ৰূপে গঢ়ি তোলাত আগভাগ লৈ আহিছো। ২০২০চনত প্ৰথমবাৰৰ বাবে মুকলি কৰি দিয়া এই পানপুৰ বনাঞ্চললৈ অহা পৰ্যটকৰ পৰা লাখৰো অধিক ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।
 
দেশ-বিদেশৰ বিভিন্ন পৰ্যটকে বনাঞ্চলখন পৰিভ্ৰমণ কৰিব বুলিও আমি আশাবাদী। ইতিমধ্যে পৰ্যটকক আদৰিবলৈ বনাঞ্চল খনৰ নিকটৱৰ্ত্তী গঞাঁ ৰাইজে আলহী ঘৰ নিৰ্মাণটো ব্যস্ত হৈ পৰিছে। ময়ো এই ক্ষেত্ৰত সহযোগ আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছো। মুখ্য বনবল বিষয়া ড০ অমৃত কুমাৰ চাহাই আদৰণি ভাষণ আগবঢ়োৱা সভাখনিত বিধায়ক পদ্ম হাজৰিকাই আৰু কয়- পানপুৰ বনাঞ্চলৰ কাষতে মকুৱাচাপৰিক সংলগ্ন কৰি কাজিৰঙা নৱম সংযোজন ইতিমধ্যে গঠন কৰা হৈছে।
 
সেই মকুৱাচাপৰিৰ প্ৰায় ১২০০ (বাৰ শ)টা সন্দেহজনক পৰিয়ালে ভূমি বেদখল কৰি আছে। ইতিমধ্যে এইসকলক চিনাক্ত কৰা হৈছে আৰু অতি শীঘ্ৰে এইসকলক উচ্ছেদ কৰাৰো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে।
 
উক্ত সভাখনিত উপস্থিত থাকি বক্তৱ্য আগবঢ়াই কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰ, বিশ্বনাথ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, উচ্চ পদস্থ বনবিষয়া ড০ অলকা ভাৰ্গৱ, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, উত্তৰ অসমৰ বনচক্ৰ বিষয়া বংকীম চন্দ্ৰ শৰ্মাকে ধৰি বিভিন্নজনে।
 
ইয়াৰ পিছতে দুপৰীয়া চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই নিজে জিপ চাফাৰি চলাই পানপুৰঘাটৰ পৰা প্ৰায় ১০কিলোমিটাৰ ব্যাসাৰ্ধ এলেখকা পৰিভ্ৰমণ কৰি বনাঞ্চল খনৰ ভিতৰত থকা হাতী, গড়, হৰিণ, বিবিধ প্ৰকাৰৰ পৰিভ্ৰমী পখীৰ জলকেলি তথা নয়নাভিৰাম দৃশ্য প্ৰত্যক্ষ কৰে। উল্লেখ্য যে পানপুৰ বনাঞ্চলত ইতিমধ্যে বনবিভাগে স্থাপন কৰা গোপন ভিডি'অ কেমেৰাত ১৭টাকৈ বাঘৰ উপস্থিত ধৰা পৰাৰ কথা বনবিভাগে সদৰি কৰিছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।