বুধবাৰে অসম পাবহি ১০৮জনী গীৰ গাই

 11/23/2021 - 13:51
 
 
নিউজ ডেস্কঃ গৰুখুটি প্ৰকল্পৰ বাবে গুজৰাটৰ পৰা অনা হৈছে গীৰ গাই। কাইলৈ অসম পাবহি ১০৮জনী গীৰ গাই।মুখ্যমন্ত্ৰীৰ সপোনৰ গৰুখুটিত সূচনা হ'ব কৃষি বিপ্লৱৰ। অসম চৰকাৰে এদিনত ১০ লাখ লিটাৰ গাখীৰ উৎপাদনৰ লক্ষ্য স্থিৰ কৰিছে। গৰুখুটিয়ে লক্ষ্য হিচাপে লৈছে ৩ লাখ লিটাৰ গাখীৰ উৎপাদনৰ। দখলমুক্ত চৰকাৰী ভূমিত আৰম্ভ হৈছে কৃষি বিপ্লৱ। মাহ, সৰিয়হ, গোমধান, শাক-পাচলি উৎপাদনৰ কাম আৰম্ভ হৈছে গৰুখুটিত।‘‘এই গৰুখুটি প্ৰকল্পতে মাছ, মাংস, কণী, হাহ, কুকুৰা,পাৰ, গাহৰি সকলো হ’ব উপলব্ধ। বেদখলমুক্ত ভূমিত আৰম্ভ হ’ব হস্ততাত প্ৰকল্পও।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।