11/23/2021 - 19:10
in
ধুবুৰীঃ ধুবুৰী উকীল সন্থাৰ সভাপতি তথা জ্যেষ্ঠ অধিবক্তা এন আই চৌধুৰীয়ে আজি ৰুজু কৰিলে গোচৰ। বন্দিহানা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আবুল কাছিমৰ বিৰুদ্ধে এজাহাৰকাৰীৰ এজাহাৰ গ্ৰহণ নকৰাৰ অভিযোগ। অভিযোগ অনুসৰি যোৱা ১৫ নৱেম্বৰত এগৰাকী মহিলাই এখন এজাহাৰ দাখিল কৰিবলৈ উপস্থিত হৈছিল বন্দিহানা আৰক্ষী চকীত।
কিন্তু আৰক্ষী বিষয়া গৰাকীয়ে এজাহাৰ গ্ৰহণ নকৰে। ইয়াৰ পিছতেই অধিবক্তা এন আই চৌধুৰীয়ে ফোনযোগে কিয় এজাহাৰ গ্ৰহণ কৰা নাই বুলি প্ৰশ্ন কৰাৰ পিছতেই তৰ্ক-বিতৰ্কৰ সৃষ্টি। তেনেতে অধিবক্তা গৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰৰ ধমকি দিয়ে আৰক্ষী বিষয়া গৰাকীয়ে। ইয়াকে লৈ ধুবুৰী উকীল সন্থাৰ অধিবক্তাসকলৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এনে অভিযোগৰ ভিত্তিত জ্যেষ্ঠ অধিবক্তা এন আই চৌধুৰীয়ে আৰক্ষী বিষয়া আবুল কাছিমৰ বিৰুদ্ধে ধুবুৰী আদালতত ৰুজু কৰে গোচৰ।