ডুমডুমাত মাৰোৱাৰী যুৱ মঞ্চ প্ৰগতি শাখাৰ উদ্যোগত স্বাস্থ্য পৰীক্ষা শিবিৰ

 11/24/2021 - 15:35
 
 
ডুমডুমাঃ তিনিচুকীয়া জিলাৰ ডুমডুমা নগৰৰ মাৰোৱাৰী পঞ্চয়তী ভৱনত ডুমডুমা মাৰোৱাৰী যুৱ মঞ্চ প্ৰগতি শাখাৰ উদ্যোগত অৰ্থ-ফিজিঅ'ৰ ওপৰত স্বাস্থ্যপৰীক্ষা শিবিৰ আয়োজন কৰা হয়। তিনিচুকীয়া স্বাস্তিক নাৰ্ছিং হ'মৰ ডাক্তৰ হৰ্শ জালান আৰু ডাক্তৰ অপেক্ষা আগৰৱালা উপস্থিত থকা শিবিৰটো ৰাতিপুৱা বন্তি প্ৰজ্বলন কৰি উদ্বোধন কৰে মাৰোৱাৰী সমাজৰ জ্যেষ্ঠ মহিলা মনুহাৰি দেৱী লাহতিয়ে।
 
আজি বীৰ লাচিত দিৱসৰ লগত সংগতি ৰাখি বৰ্তমান সময়ত সাধাৰণভাৱে হোৱা ম্যাদ-বহুল সমস্যা, মধুমেহ এই সংক্ৰান্তত এক সজাগতাৰ উদেশ্যে লোৱা এই কাৰ্যসূচীক আদৰণীয় পদক্ষেপ বুলি সকলোৱে একে মুখে স্বীকাৰ কৰিছে। ডুমডুমা নগৰৰ লগতে দাঁতিকাষৰীয়া অঞ্চলৰ সুবিধা অনুযায়ী দিনটো স্বাস্থ্য পৰীক্ষা শিবিৰ চলি থাকিব বুলি ডুমডুমাত মাৰোৱাৰী যুৱ মঞ্চ প্ৰগতি শাখাৰ সভানেত্ৰী চালিনি চাৰ্দাই জানিবলৈ দিয়ে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।