11/28/2021 - 17:27
in
নিউজ ডেস্কঃ বৰাকত অসমীয়া ভাষাৰ হৰ্ডিং আঁতৰোৱাক লৈ প্ৰদীপ দত্ত ৰয়ে কৰা মন্তব্যৰ বিৰুদ্ধে নগাঁৱত সৰৱ হ'ল মন্ত্ৰী পৰিমল শুক্লবৈদ্য৷ বৰাকৰ মানুহ ভাষা বিদ্বেষী নহয়৷ এটা চক্ৰই বিচ্ছেদ আৰু বিচ্ছিন্নতাবাদী মনোভাৱ লৈ ৰাজনৈতিক স্বাৰ্থ লাভৰ চেষ্টা কৰি আছে ৷লগতে, বৰাকবাসীযে ৰাজ্যিক ভাষা অসমীয়া আৰু প্ৰতিটো মাতৃভাষাক সন্মান কৰে বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে৷ মীন,গড়কাপ্তানি আৰু আবকাৰী বিভাগৰ মন্ত্ৰীগৰাকীয়ে বঙালী ভাষাৰ বিতৰ্কিত নেতাগৰাকীৰ স্থিতিক সমালোচনা কৰি কয় যে, বেলেগৰ মাতৃভাষাক হেয়জ্ঞান কৰি কোনেও নিজৰ মাতৃভাষাৰ উন্নতি কৰিব নোৱাৰে ৷অসম বিধান সভাত বাংলা ভাষাত ভাষণ দিয়াৰ সুবিধা থকাৰ কথা উল্লেখ কৰি গুৱাহাটীৰ গণেশগুৰিতো বাংলা ভাষাত কথা ক’ব নোৱাৰিব বুলি হুংকাৰ দিলে কি কৰিব বুলিও ৰয়ক প্ৰশ্ন কৰে মন্ত্ৰীজনে৷