12/10/2021 - 13:59
in
নিউজ ডেস্কঃ আজি ১০ ডিচেম্বৰৰ শ্বহীদ দিৱসত জাতিৰক্ষাৰ যুঁজত আত্মবলিদান দিয়া শ্বহীদক ৰাজ্যজুৰি সোঁৱৰণ কৰা হৈছে। অসম আন্দোলনত মৃত্যুবৰণ কৰা বীৰ শ্বহীদসকলক ৰাজ্যই শ্ৰদ্ধাৰে সুঁৱৰিছে। ১৯৭৯ চনৰ ১০ ডিচেম্বৰ, এই দিনটোতেই জাতি ৰক্ষাৰ বাবে আত্মবলিদান দিছিল বৰপেটা জিলাৰ ভৱানীপুৰৰ যুৱক খৰ্গেশ্বৰ তালুকদাৰে৷ ছবৰীয়া অসম আন্দোলনৰ ইতিহাসৰ প্ৰথমৰ গৰাকী শ্বহীদ আছিল খৰ্গেশ্বৰ তালুকদাৰ।
খৰ্গেশ্বৰ তালুকদাৰে অসম আৰু অসমীয়াৰ বাবে হোৱা সৰ্ববৃহৎ গণ আন্দোলনৰ বাবে প্ৰাণ আহুতি দি শ্বহীদ হয়।খৰ্গেশ্বৰ তালুকদাৰে ১৯৫৯ চনত জন্মগ্ৰহণ কৰিছিল বৰপেটা জিলাৰ ভৱানীপুৰ অঞ্চলৰ উজান বৰবড়ীত। সদৌ অসম ছাত্ৰ সন্থাৰ সক্ৰিয় কৰ্মী তালুকদাৰে আন্দোলন আৰম্ভ হোৱাৰ সময়তে ১৯৭৯ চনৰ ১০ ডিচেম্বৰত লোকসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলত বাধা দিবলৈ গৈ আৰক্ষীৰ গুলীত নিহত হয়। অসমজুৰি বিয়পি পৰিল খৰ্গেশ্বৰৰ মৃত্যুৰ খবৰ৷ লগে লগে আন্দোলনৰ জুই দপদপকে জ্বলি উঠিল৷
প্ৰথমে অহিংস ভাৱেই আৰম্ভ হোৱা আন্দোলনে হিংসাত্মক ৰূপ ধাৰণ কৰে। স্কুল-কলেজ সকলো অচল হৈ পৰিল৷ আন্দোলনকাৰীক কঠোৰভাৱে দমন কৰিবলৈ তৎপৰ হৈ পৰিল আৰক্ষী। তেওঁলোকৰ ওপৰত চলিল আৰক্ষী তথা নিৰাপত্তা বাহিনীৰ লাঠি আৰু গুলী৷ছবছৰ ধৰি চলিল এই আন্দোলন৷ খৰ্গেশ্বৰ তালুকদাৰৰ পাছত আৰু ৮৫৪ জনে অসম আন্দোলনত প্ৰাণ আহুতি দিয়ে। খৰ্গেশ্বৰ তালুকদাৰকে ধৰি অসম আন্দোলনত শ্বহীদ হয় মুঠ ৮৫৫ জন। অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ পৱিত্ৰ স্মৃতিত লগতে ৮৫৪জন বীৰ শ্বহীদক সুঁৱৰি প্ৰতিবছৰে শ্বহীদ দিৱস পালন কৰি অহা হৈছে। শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত ১৫ আগষ্ট, ১৯৮৫ চনত ভাৰত চৰকাৰৰ সৈতে স্বাক্ষৰিত হয় ঐতিহাসিক অসম চুক্তি ৷তেতিয়াৰে পৰা ১০ ডিচেম্বৰৰ দিনটো ‘শ্বহীদ দিৱস’ হিচাপে পালন কৰি অহা হৈছে৷