12/10/2021 - 14:42
in
হোজাইঃ হোজাই আৰক্ষীয়ে পুনৰ আটক কৰে ছাইদুল আলমক। বহুলোকৰ পৰা কাম কৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰা অভিযোগত হোজাই আৰক্ষীয়ে আটক কৰে ছাইদুলক। হোজাই আৰক্ষীৰ থানাত ৮১৮/২০ নম্বৰত ৰুজু হোৱা গোচৰৰ ভিত্তিত যোৱাকালি ছাইদুলক আটক কৰে আৰক্ষীয়ে। যোৱা ৮ ডিচেম্বৰ তাৰিখেও ছাইদুলক আটক কৰিছিল হোজাইৰ মোৰাঝাৰ আৰক্ষীয়ে।
মোৰাঝাৰ আৰক্ষীয়ে শংকৰদেৱ নগৰ আদালতত হাজিৰ কৰাৰ পিছতে আদালতে কালি আবেলি জামিন প্ৰদান কৰে ছাইদুলক। পিছত পুনৰ ছাইদুলক আন এক গোচৰৰ ভিত্তিত হোজাই আৰক্ষীয়ে আটক কৰে।
উল্লেখ যে, বিজেপি সভাপতি ভবেশ কলিতাৰ লগত সু-সম্পৰ্ক থকা বুলি প্ৰৱঞ্চনাৰে বহু লোকৰ পৰা ধন সংগ্ৰহ কৰাৰো অভিযোগ উক্ত ছাইদুলৰ বিৰুদ্ধে। কিন্তু উক্ত সম্পূৰ্ণ অভিযোগ ভিত্তিহীন বুলি জানিব দিয়ে ছাইদুলে। বৰ্তমান হোজাই থানাত জেৰা চলাই থকা হৈছে ছাইদুলক। আজি হোজাই আৰক্ষীয়ে শংকৰদেৱ নগৰ আদালতত হাজিৰ কৰিব বুলি হোজাইৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীয়ে জানিব দিয়ে।