বৰপথাৰত যান-বাহন আৰু হেলমেট পৰিধান নকৰা আৰোহীৰ বিৰুদ্ধে অভিযান গোলাঘাট জিলা পৰিবহণ বিভাগৰ

 12/10/2021 - 17:08
 
 
 
 
সৰুপথাৰঃ বৰপথাৰ আৰক্ষী আৰু গোলাঘাট জিলা পৰিবহণ বিভাগৰ যৌথ অভিযান হেলমেট পৰিধান নকৰা আৰু যান-বাহন বিৰুদ্ধে। 
ৰাজ্যত ১ ডিচেম্বৰৰ পৰা মটৰচাইকেলত যাত্ৰা কৰা চালকসহ আৰোহীয়ে হেলমেট পিন্ধাটো বাধ্যতামূলক কৰাত ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে আজি বৰপথাৰত সষ্টম হৈছে আৰক্ষী আৰু জিলা পৰিবহন৷ বৰপথাৰ নগৰৰ মাজমজিয়াত হেলমেট পৰিধান নকৰা মটৰচাইকেল চালক তথা আৰোহীৰ বিৰুদ্ধে জৰিমনা বিহাৰ লগতে বহুকেইখন মটৰচাইকেল জব্দও কৰে। হেলমেট পৰিধান নকৰা চালক তথা আৰোহীৰ বিৰুদ্ধে এনেদৰে অভিযান চলাই থকাৰ লগতে বৰপথাৰ আৰক্ষীয়ে ৰাইজক হেলমেট পৰিধান কৰি বাইক চলাবলৈ অনুৰোধ কৰে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।