জামুগুৰিহাটৰ শোণিতকোঁৱৰ গজেন বৰুৱা বঁটাপ্ৰাপক শিল্পী ভবেন বৰাৰ দেহাৱসানঃ ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন, মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

 12/10/2021 - 17:22
 
 
 
জামুগুৰিহাটঃ অসম চৰকাৰৰ তৰফৰপৰা আগবঢ়োৱা শোণিতকোঁৱৰ গজেন বৰুৱা বঁটাপ্ৰাপক জামুগুৰিহাটৰ শিল্পী ভবেন বৰাই বাৰ্ধক্যজনিত কাৰণত নিজা বাসগৃহতে বৃহস্পতিবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে৷ প্ৰবীন নাট্যশিল্পী, সু-অভিনেতা, নাট পৰিচালক আৰু বিশিষ্ট নিবন্ধকাৰ, বহুকেইখন নাটকৰ পৰিচালনা, ৰচনা, সুদক্ষ অভিনয় তথা সু-নিবন্ধকাৰ তথা এগৰকী সুবক্তা হিচাপে পৰিচিত শিল্পীগৰাকীৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ জামুগুৰিহাট৷ ২০১৯ বৰ্ষত ৰাজ্যচৰকাৰৰৰ ফালৰপৰা শোণিতকোঁৱৰ গজেন বৰুৱা বঁটা সন্মানেৰে বিভূষিত শিল্পীগৰাকীৰ মৃত্যুত এগৰাকী “গুৰুক হেৰুৱালো” বুলি উল্লেখ কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই৷
 
ইয়াৰোপৰি শিল্পীগৰাকীৰ মৃত্যুৰ খৱৰ বিয়পি পৰাৰ লগতে অসংখ্য গুণমুগ্ধ তথা অনুষ্ঠান প্ৰতিষ্ঠানৰ লোকসকল উপস্থিত হৈ নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ জামুগুৰিহাটৰ বাবে বটবৃক্ষ স্বৰূপ ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰা ভবেন বৰাৰ মৃত্যুত ৰাজ্যৰ মূখ্যমন্ত্ৰীগৰাকীয়েও শোকপ্ৰকাশ কৰাৰ লগতে মূখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশত শিল্পীগৰাকীৰ নশ্বৰ দেহ ৰাজ্যিক মৰ্যাদাৰে শেষকৃত সম্পন্ন কৰা হয়৷ উল্লেখ্য যে ৰাজ্যিক মৰ্যাদাৰে আজি শেষকৃত সম্পন্ন কৰা ভবেন বৰা হৈ পৰিল জামুগুৰিহাটৰ প্ৰথমগৰাকী ব্যক্তি৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।