ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হোৱা অলিষ্মিতা শইকীয়াক সম্বৰ্ধনা কলিয়াবৰ সাংবাদিক সন্থাৰ

 12/10/2021 - 18:30
 
 
নিউজ ডেস্কঃ এটা বাহঁৰ কাঠিত তিনিটাকৈ ভিন্ন ডিজাইনৰ বাঁহৰ অলংকাৰ তৈয়াৰ কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে কলিয়াবৰ লেতুগাম সত্ৰৰ নিবাসী অলিষ্মিতা শইকীয়াই। প্ৰায় দুবছৰ ধৰি বাঁহেৰে মহিলাসকলৰ বিভিন্ন আ-অলংকাৰ বনোৱাৰ লগতে বাহঁৰ কাপ, ত্ৰে আদি কৰি পাকঘৰৰত ব্যবহৃত সামগ্ৰী আৰু তাঁত শালত বৈ উলিয়াইছে চাদৰ-মেখেলা আৰু পুৰুষৰ বাবে চোলা, কোৰ্টা ।
 
আৰু এই সামগ্ৰীসমূহ বাঁহৰ চোঙাত ভৰাই ব্যৱসায়িকভাৱে বিভিন্ন ঠাইলৈ প্ৰেৰণ কৰি আহিছে। এগৰাকী শিক্ষিত যুৱতী হৈও চাকৰিৰ পিছত দৌৰি নুফুৰি নিজে কিবা এটা কৰাৰ সপোন দেখা অলিস্মিতাৰ সপোন আজি বাস্তৱত পৰিণত হ’ল। কলিয়াবৰৰ লেতুগাম সত্ৰৰ নিবাসী চুচেন শইকিয়াৰ জ্যেষ্ঠ কন্যা অলিষ্মিতা ই কঢ়িয়াই অনা এই সন্মানে পৰিয়ালৰ লগতে কলিয়াবৰীয়া ৰাইজকো গৌৰৱান্বিত কৰি তুলিছে। অলিষ্মিতাৰ এই সফলতাত কলিয়াবৰ সাংবাদিক সন্থাই কোৱৰীটোলস্থিত লেতুগাম সত্ৰৰ নিজ বাসভৱনত উপস্থিত হৈ যুৱতীগৰাকীক উষ্ণ আদৰণি আৰু অভিনন্দন জ্ঞাপন কৰে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।