চৰ্ত মানি নল’লে নাগালেণ্ডৰ মন জিলাৰ কোনো মৃতকৰ পৰিয়ালে গ্ৰহণ নকৰে চৰকাৰৰ আৰ্থিক সাহায্য..

 12/13/2021 - 15:06
 
 
 
নিউজ ডেস্কঃ নাগালেণ্ডৰ মন জিলাত ১৪গৰাকী যুৱক সেনাৰ বৰ্বৰ আক্ৰমণৰ বলি হোৱা নৃশংস কাৰ্যৰ বিৰুদ্ধে সাধাৰণ জনতাই অব্যাহত ৰাখিছে প্ৰতিবাদ। কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে আৰ্থিক সাহায্য আগবঢ়াইছিল যদিও শেহতীয়াকৈ এই সাহায্য এতিয়ালৈকে লোৱা নাই পৰিয়ালে। ইয়াৰ বিপৰীতে পৰিয়াল তথা প্ৰতিবাদকাৰীয়ে বান্ধি দিছে চৰ্ত।
 
চৰ্ত অনুসৰি যেতিয়ালৈতে এই কাৰ্যৰ সৈতে জড়িত সেনা-বিষয়াক তদন্তৰ জৰিয়তে উচিত শাস্তি আৰু এই অঞ্চলৰ পৰা সেনাৰ বিশেষ অধিকাৰ খাৰিজ কৰা নহয় তেতিয়ালৈকে চৰকাৰৰ কোনো ধৰণৰ সাহায্য গ্ৰহণ নকৰে তেওঁলোকে। যোৱা দেওবাৰে অটিং বস্তিৰ গাওঁবাসীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে।  
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।