বিচাৰক হিচাপে আছিল উৰ্বশী ৰৌতেলা, হাৰনাজ সান্ধুৰ সফলতাত আনন্দৰ চকুপানী উৰ্বশীৰ

 12/13/2021 - 16:30
 
 
 
নিউজ ডেস্কঃ ২১ বছৰৰ পিছত চণ্ডিগড়ৰ হাৰনাজ সান্ধুৱে মিছ ইউনিভাৰ্ছ মুকুট জিকি গৌৰৱ কঢ়িয়াই আনিছে দেশলৈ। প্ৰতিযোগিতাখনত বলীউডৰ অভিনেত্ৰী উৰ্বশী ৰৌতেলা বিচাৰক হিচাপে আছিল।হাৰনাজ মিছ ইউনিভাৰ্ছ হোৱাৰ পিছতে বিচাৰক হিচাপে থকা উৰ্বশী ৰৌতেলাৰ দুগালেৰে বৈ আহে আনন্দৰ চকুপানী। যেতিয়া মিছ ইউনিভাৰ্ছ বিজয়ীৰ নাম ঘোষণা কৰা হৈছিল তেতিয়া হাৰনাজো মঞ্চতে আৱেগিক হৈ পৰিছিল।কিছুসময়ৰ পূৰ্বে উৰ্বশীয়ে হাৰনাজৰ সৈতে ছচিয়েল মিডিয়াত এটা ভিডিঅ' শ্বেয়াৰ কৰিছে। য'ত হাৰনাজক মিছ ইউনিভাৰ্ছৰ মুকুট পিন্ধা দেখা গৈছে। উৰ্বশীয়ে হাতত ভাৰতীয় পতাকা ধৰি আছে। ভিডিঅ'টোত, হাৰনাজে উৰ্বশীক কয় যে, মই বিশ্বাস কৰিব পৰা নাই যে মই তোমাৰ কাষত থিয় হৈ আছো।উল্লেখ্য যে, উৰ্বশী ৰৌতেলাই ২০১৫ চনত মিছ ইউনিভাৰ্ছত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। তাৰ পিছত তেওঁ বলীউডত প্ৰৱেশ কৰিছিল।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।