12/13/2021 - 17:54
in
জামুগুৰিহাটঃ চতিয়া সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ পশ্চিম মূঢ়াদল গাঁও পঞ্চায়তৰ অন্তৰ্গত গড়বিল, চিলনী পাম আৰু বৰদিকৰাইত তিনিখনকৈ গাহৰী ফ্ৰাম, কলৰ বাগান আৰু বেকাৰী ফ্ৰামৰ আজি ৰঙা ফিটা কাটি শুভ উদ্বোধন কৰে নদুৱাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি অজিত পায়েঙে৷ অঞ্চলটোৰ মহিলাসকলে গোটবান্ধি আৰম্ভ কৰা এই গাহৰী ফ্ৰামলৈ পঞ্চায়তৰ তৰফৰ পৰা আৰ্থিক সাহাৰ্য্য আগবঢ়োৱা কথা জানিবলৈ দিয়ে সভাপতি অজিত পায়েঙে৷ ফ্ৰাম তিনিখন শুভ উদ্বোধন কৰি সভাপতি গৰাকীয়ে কয়- গ্ৰামাঞ্চলৰ অৰ্থনৈতিক ভেটী সৱল কৰাৰ ক্ষেত্ৰত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই বিভিন্ন আচঁনি যুগুত কৰি আহিছে৷ আমি সকলো শ্ৰেণীৰ ৰাইজক এই আঁচনিৰ অংশীদাৰ হবলৈ আহ্বান জনাইছো৷ গ্ৰামাঞ্চলৰ অৰ্থনৈতিক ভেটী সবল কৰাৰ ক্ষেত্ৰত মহিলা সকলে পশ্চিম মূঢ়াদল গাঁও পঞ্চায়তত যি ভূমিকা গ্ৰহণ কৰিছে সেইয়া প্ৰশংসনীয় বুলি মন্তৱ্য কৰে সভাপতি অজিত পায়েঙে৷ ইয়াৰোপৰি কৰ্কট ৰোগত আক্ৰান্ত হোৱা ৭০ বছৰীয়া বৃদ্ধাক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্বৰ তৰফৰ পৰা ২৫ হাজাৰ টকাৰ চেক প্ৰদান কৰে সভাপতি অজিত পায়েঙে। ইয়াৰ লগতে চিলনী পামত এটি মহিলা আত্মসহায়ক গোটে নিৰ্মাণ কৰা এটি বিস্কুট তৈয়াৰী উদ্যোগো মুকলি কৰে সভাপতি অজিত পায়েঙে৷