12/13/2021 - 18:06
in
চাপৰঃ ধুবুৰী-বঙাইগাঁও জিলাৰ সীমান্তবর্তী গাছপাৰা ৮৪৬ নং প্ৰাথমিক বিদ্যালয়ত ৭৬ গৰাকী শিক্ষাৰ্থীৰ পৰিৱৰ্তে আছে মাথোন এজন শিক্ষক। যি সময়ত RIIMS APP ৰ জৰিয়তে শিক্ষক আৰু শিক্ষাৰ্থীৰ উপস্থিতি গণনা কৰে ঠিক তেনে সময়তে এজন শিক্ষকে ৫ টাকৈ শ্ৰেণীত পাঠদান কৰা ঘটনাই সকলোৰে চকু কপালত তুলিছে। সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষা মন্ত্ৰীৰ দৃষ্টি আকর্ষণ কৰি কয় যে অতি সোনকালে উক্ত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি অতি কমেও আৰু তিনিজন শিক্ষকক নিযুক্তি দিয়ে যেন। এতিয়া বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত বিভাগীয় কৰ্তৃপক্ষই কি পদক্ষেপ গ্রহণ কৰে পৰবৰ্তী সময়ত সেয়া হ’ব লক্ষ্যণীয়?