কাইলৈ বিয়াত বহিব পৱিত্ৰ ৰিস্তাৰ মুখ্য নায়িকা অংকিতা লোখণ্ডে

 12/13/2021 - 18:24
 
 
নিউজ ডেস্কঃ এইবাৰ সৰুপৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী অংকিতা লোখণ্ডেৰ বিয়াৰ খবৰ পোহৰলৈ আহিছে। দীৰ্ঘদিনীয়া প্ৰেমিক বিকি জৈনৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ব অংকিতা।‘পৱিত্ৰ ৰিস্তা’ নামৰ ছিৰিয়েলখনৰ জৰিয়তে ঘৰে ঘৰে জনপ্ৰিয় হৈ উঠিছিল অংকিতা। ‘মানৱ’ আৰু ‘অৰ্চনা’ এই যুটীটোক খুব পচন্দ কৰিছিল দৰ্শকসকলে। মানৱ চৰিত্ৰটো ৰূপায়ন কৰিছিল প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতে আৰু অৰ্চনাৰ চৰিত্ৰত অভিনয় কৰিছিল অংকিতাই ।
 
এই ধাৰাবাহিকখনত অভিনয় কৰিয়েই সুশান্ত আৰু অংকিতা ইজনে সিজনৰ প্ৰেমত পৰিছিল। দুয়ো বিবাহৰ সিদ্ধান্তও লৈ পেলাইছিল। প্ৰায় ৬ বছৰীয়া প্ৰেমৰ সম্পৰ্কত থকাৰ পাছত দুয়োৰে মাজত হঠাতে বিচ্ছেদ ঘটিছিল, এই কথা সকলোৱে জানে। দুয়ো দুয়োৰ পৰা আঁতৰি আহি বেলেগ পথত আগবাঢ়িল।সুশান্তৰ সৈতে বিচ্ছেদ ঘটাৰ পাছতেই অংকিতা লোখণ্ডে বিকি জৈনৰ প্ৰেমত পৰে।
 
ইয়াৰ মাজতে সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ খবৰে সকলোকে শোকৰ সাগৰত ডুবালে। দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত এতিয়া অংকিতা আৰু বিকি চিৰজীৱনৰ বাবে এক হ’বলৈ গৈ আছে। ১৪ ডিচেম্বৰত অগ্নিক সাক্ষীক কৰি বিবাহ পাশত আৱদ্ধ হ’ব অংকিতা আৰু বিকি। অংকিতাৰ মেহেন্দি অনুষ্ঠান দেওবাৰে অনুষ্ঠিত হয়। এই অনুষ্ঠানত অংকিতাক তেওঁৰ বন্ধুবৰ্গৰ সৈতে নৃত্যত মতলীয়া হোৱা দেখা গৈছিল।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।